WATCH | Congress : গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি মিৰ্জানুৰ ৰহমানৰ বাসগৃহত শতাধিক কংগ্ৰেছ কৰ্মীৰ ভিৰ
নিউজ ডেস্ক,১০মাৰ্চ : চেঙা সমষ্টিৰ অন্তৰ্গত গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি মিৰ্জানুৰ ৰহমানৰ বাসগৃহত শতাধিক কংগ্ৰেছ কৰ্মীৰ ভিৰ ।
গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচিনৰ পাছতে মিৰ্জানুৰ ৰহমানক শুভেচ্ছাঁ জ্ঞাপন কৰাৰৰ উদ্দেশ্য শতাধিক কংগ্ৰেছ দলৰ জ্যেষ্ঠ কনিষ্ঠ যুৱ কৰ্মী সকলে বাসগৃহত উপস্থিত হৈ অভিনন্দন জনায় ।
আনহাতে বৰপেটা জিলাৰ ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচন শুদ্ধ নিৰ্বাচিত বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা , সাংসদ ৰকিবুল হুছেইন আৰু জিলা কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছ কৰ্মী সকলে ।
চেঙা সমষ্টিৰ অন্তৰ্গত বামুনদঙৰা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কংগ্ৰেছ দলৰ জ্যেষ্ঠ কনিষ্ঠ নেতা কৰ্মী সকলৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি মিৰ্জানুৰ ৰহমানক ।
চেঙা মন্দল কংগ্ৰেছ কৰ্মী সকলৰ লগতে বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ দলীয় কৰ্মকৰ্তাই সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে মত-বিনিময়ৰ অন্তত কংগ্ৰেছ দলৰ জ্যেষ্ঠ কনিষ্ঠ, যুৱ কৰ্মী সকলে কয় আগন্তুক দিনত মিৰ্জানুৰ ৰহমানৰ নেতৃত্বত গোমাফুলবাৰী ব্লক তথা চেঙা সমষ্টিৰ কংগ্ৰেছ দলৰ এক নতুনত্বৰ প্ৰভাৱৰ সৃষ্টি হ’ব বুলি আশাবাদী( Congress)।
লগতে পঢ়ক :WATCH | Dibrugarh News : ডিব্ৰুগড়ত জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও টাইপাৰ