Local, Vocal, Global

Conflict over Land Dispute : এডোখৰ ভূমিক দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

দলগাওঁ, ২৪অক্টোবৰ : খাৰুপেটীয়াত এডোখৰ ভুমিক লৈ ভয়ংকৰ সংঘাত । দুই ফৈদৰ মাৰপিটত থিতাতে নিহত দুজনকৈ লোকৰ(Conflict over Land Dispute) ।

ভূমি কেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি । ভূমিৰ বাবে এজনে প্ৰাণ ল’লে আন এজনৰ । এডোখৰ ভুমিক দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ।

জানিব পৰা মতে , খাৰুপেটীয়াৰ জনতা নগৰ ৭ নং ৱাৰ্ডত থকা এডোখৰ ভুমিক লৈ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত বলোগড়া গাঁৱৰ জাহাৰ আলী ওৰফে ঘাইৰী আৰু খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী গাঁৱৰ আতাপ আলী মুন্সীৰ মাজত দীৰ্ঘ দিন ধৰি চলি আহিছিল সংঘাত ।

মঙলবাৰে পুৱাই দুই পক্ষৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিট । মাৰপিটত জাহাৰ আলী ওৰফে ঘাইৰীৰ সৈতে এগৰাকী মহিলা ঘটনাস্থলীতে মৃত্যু হয় । গুৰুতৰ ভাৱে আহত হয় শিশুসহ মহিলা প্ৰায় ১০ জনৰো অধিক লোক ।

ঘটনা স্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসালয় লৈ প্ৰেৰণ কৰে আৰু দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ছমিৰ চৌধুৰী উপস্থিত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।

অভিযোগ মতে, খাৰুপেটীয়া টাউনৰ জনতা নগৰৰ প্ৰয়াত ছিনাৰুদ্দিনৰ পুত্ৰ হাছেম, মুছলিম আৰু আতাব আলীৰ ভূমিত বলপূৰ্বক দখলৰ বাবে ৭০–৮০ জনীয়া দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰি তাণ্ডৱৰ সৃষ্টি কৰে। প্ৰথমে চিচিটিভি কেমেৰা ভাঙি লণ্ডভণ্ড কৰে আৰু তাৰ পিছত চলায় আক্ৰমণ।

দা–লাঠী আদিৰে আক্ৰমণ–প্ৰত্যাক্ৰমণৰ ফলত থিতাতে মৃত্যু হয় ভূ–মাফিয়া জাহেৰ ওৰফে ঘাৰে আৰু ভাই বোৱাৰী মাফিয়া খাতুন। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনাস্থলীত আৰক্ষী দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰকৃত ঘটনাৰ কি তদন্তত প্ৰকাশ পাব , প্ৰশ্ন হয় কিয় এই আসুৰিক মনোবৃত্ত একাংশৰ ?

লগতে পঢ়ক :Jharkhand Road Accident : দেশজুৰি দশেৰাৰ উছাহৰ মাজতে এক শোকাৱহ পথ দুৰ্ঘটনা