Local, Vocal, Global

Conflict between brothers over father’s property:কোৰ কালিয়াবড়ীত পিতৃ সম্পত্তিৰ পৰা বঞ্চিত কৰা অভিযোগ কণিষ্ঠ ভাতৃৰ

নিউজ ডেস্ক,৮ জুলাইঃ কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ীত এক দুখজনক ঘটনা সংঘটিত কৰা খৱৰ পোহৰলৈ হৈছে। পৰিয়ালৰ ভাই ভনীক বঞ্চিত কৰি জ্যেষ্ঠ ভাতৃয়ে পিতৃ সম্পত্তিৰ উত্তৰাধিকাৰী হৈছে। আজি কণিষ্ঠ ভাতৃ চফিউল হুছেইনে সাংবাদিকক অৱগত কৰে যে ; প্ৰয়াত পিতৃ ইব্ৰাহিম আলীৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ পৰা মোক আৰু বাইদেউক বঞ্চিত কৰি উত্তৰাধিকাৰী হৈছে জ্যেষ্ঠ ভাতৃ ইমৰাণ হুছেইন।

ইফালে ইব্ৰাহিম আলীৰ কণিষ্ঠ পুত্ৰ ছফিউল হুছেইনে জনোৱা মতে ; তেওঁলোকৰ জমি ৩৫০ নং পাট্টাৰ ৭৭২ নং দাগৰ মাটি বন্ধকত থৈ ইমৰাণে গৃহ লোণ লৈছে। এই লৈ সংকিত হৈ পৰিছে ভাতৃ ছফিউল হুছেইন আৰু পৰিয়াল বৰ্গ। এই ঘটনাক লৈ বকো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

লগতে পঢ়কঃ Rupahihat ….Encroachment Laukhuwa forest land:লাওখোৱা অভয়াৰণ্যত অবৈধ বেদখলকাৰীৰ দপদপনি