Conference on traditional medicine : ভাৰত-আছিয়ানৰ নিৰন্তৰ প্ৰচেষ্টাত উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ পৰম্পৰাগত ঔষধৰ প্ৰাণকেন্দ্ৰ হ’ব পাৰে: সৰ্বানন্দ সোণোৱাল
নতুন দিল্লী, ২০ জুলাই : কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পৰম্পৰাগত ঔষধ সম্পৰ্কীয় ভাৰত-আছিয়ান সন্মিলনৰ শুভ উদ্বোধন কৰে (Conference on traditional medicine) । ১০ খন আছিয়ান দেশৰ ৭৫ জনতকৈও অধিক প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে, যাৰ উদ্দেশ্য হৈছে পৰম্পৰাগত ঔষধক আধুনিক ঔষধ প্ৰণালীৰ সৈতে একত্ৰিত কৰি এক শক্তিশালী স্বাস্থ্য সেৱা প্ৰদান প্ৰণালী গঢ়ি তোলা আৰু ‘ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য ৩: সুস্বাস্থ্য আৰু সুস্থতা’ৰ লক্ষ্য প্ৰাপ্ত কৰা । কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, আছিয়ানত ভাৰতীয় দূতাবাস আৰু আছিয়ান সচিবালয়ৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰিছে(Conference on traditional medicine) ।
এছ’চিয়েচন অৱ ছাউথ ইষ্ট এছিয়ান নেচনছ্ (আছিয়ান) হৈছে ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম- মুঠ ১০ খন দক্ষিণ-পূব এছিয়াৰ দেশক লৈ গঠিত এক গোট । এই গোটে ইয়াৰ সদস্য দেশসমূহৰ ভিতৰত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক সহযোগিতাৰ প্ৰসাৰ আৰু শ্ৰীবৃদ্ধিৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ ঐতিহাসিকভাৱে শক্তিশালী সম্পৰ্কৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে । তেওঁ ভাৰত-আছিয়ান সম্পৰ্ক আৰু পৰম্পৰাগত ঔষধ খণ্ডৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়, “২০১৪ চনৰ নৱেম্বৰত ম্যানমাৰত অনুষ্ঠিত দ্বাদশ আছিয়ান ভাৰত সন্মিলনত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্ট ইষ্ট পলিচী’ৰ প্ৰসংগ উল্লেখ কৰিছিল, যাৰ ফলত এই দেশসমূহৰ সৈতে ভাৰতৰ পাৰস্পৰিক সম্পৰ্ক আৰু কৌশলগত অংশীদাৰিত্বই এক নতুন গতি লাভ কৰে। এক্ট ইষ্ট নীতিয়ে ভাৰত আৰু আছিয়ানৰ মাজত সংযোগ, যোগাযোগ, বাণিজ্য আৰু সংস্কৃতিৰ প্ৰসাৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।”
উত্তৰ-পূব ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, “আমাৰ উত্তৰ-পূব ভাৰত সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ লগতে পৰম্পৰাগত ঔষধৰ প্ৰমাণিত ঐতিহ্যৰে আশীৰ্বাদপ্ৰাপ্ত। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ লগতে আছিয়ান দেশসমূহৰ পৰম্পৰাগত ঔষধি পদ্ধতিসমূহ ত্বৰান্বিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ভাৰত-আছিয়ান সন্মিলনৰ জৰিয়তে পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত আছিয়ান আৰু ভাৰতৰ মাজত অধিক সহযোগিতা বৃদ্ধি হ’ব, য’ত উত্তৰ-পূব ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু এই অঞ্চলত গুণগত স্বাস্থ্য সেৱা প্ৰদানৰ এক প্ৰাণকেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে।”
সন্মিলন আৰু ইয়াৰ ফলাফল সন্দৰ্ভত ভাষণ প্ৰদান কৰি সোণোৱালে লগতে কয়, “ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত অনুষ্ঠিত পৰম্পৰাগত ঔষধৰ সন্মিলনে পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰ তথা গ্ৰহণযোগ্যতা অধিক বৃদ্ধিৰ দিশত সঠিক ৰণনীতি প্ৰস্তুত কৰাৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বসুধৈৱ কুটুম্বকমৰ নীতিত বিশ্বাস কৰি কাম কৰি আছে । পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীবোৰে ‘এক পৰিয়াল, এক স্বাস্থ্য’ৰ লক্ষ্য প্ৰাপ্ত কৰাত অগ্ৰণী ভূমিকা পালন কৰাৰ যথেষ্ট সম্ভাৱনা আৰু থল আছে। বিশ্ব ভাতৃত্ববোধৰ বিকাশৰ বাবে ভাৰত-আছিয়ান সন্মিলনে এক নতুন পথ প্ৰশস্ত কৰিব বুলি আমি দৃঢ় বিশ্বাসী।”
আছিয়ানৰ মহাসচিব ড° কাও কিম হওৰ্ণে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সন্মিলনৰ বিষয়ে তেওঁৰ মতামত ব্যক্ত কৰে। তেওঁ ভাৰত আৰু আছিয়ানৰ মাজত পৰম্পৰাগত ঔষধৰ এই গুৰুত্বপূৰ্ণ সন্মিলন আহ্বান কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ক বিশেষকৈ ধন্যবাদ জনায়। “মই আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ স্বাস্থ্য সেৱা প্ৰণালীত পৰম্পৰাগত ঔষধকো একত্ৰিত কৰিবলৈ আহ্বান জনাইছোঁ”, তেওঁ কয়।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্মিলন উপলক্ষে ভাৰত আৰু আছিয়ানৰ বিশেষজ্ঞসকলৰ মত সম্বলিত আৰু পৰম্পৰাগত চিকিৎসা প্ৰণালী তথা উক্ত সন্মিলনৰ সংক্ষিপ্ত বিৱৰণ থকা আয়ুষ মন্ত্ৰালয়ৰদ্বাৰা সংকলিত এখন পুস্তিকাও মুকলি কৰে।
সন্মিলনখনত ভাৰত আৰু আছিয়ানৰ পৰম্পৰাগত ঔষধৰ বিশেষজ্ঞসকলে বিভিন্ন অধিৱেশনত ভাগ লৈ তেওঁলোকে কৰা গৱেষণা, তেওঁলোকৰ অভিজ্ঞতা আৰু ক’ভিডৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰাৰ বাবে লোৱা অন্যান্য পদক্ষেপৰ বিষয়ে উপস্থাপন কৰিছে। তদুপৰি, পৰম্পৰাগত ঔষধৰ চৰকাৰী নিয়মকেন্দ্ৰিক পৰিকাঠামো, মান নিয়ন্ত্ৰণ ব্যৱস্থা আৰু পৰম্পৰাগত ঔষধক আধুনিক স্বাস্থ্যসেৱা প্ৰণালীৰ সৈতে একত্ৰিত কৰাৰ সন্দৰ্ভতো জ্ঞান তথা অভিজ্ঞতাৰ আদান-প্ৰদানেৰে অধিৱেশন আয়োজন কৰা হৈছে।
এই সন্মিলনত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভায়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। তদুপৰি, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, যুটীয়া সচিব কবিতা গাৰ্গ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব গীতিকা শ্ৰীবাস্তৱ, আয়ুষ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা জয়দীপ কুমাৰ মিশ্ৰ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে আছিয়ান দেশসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
লগতে পঢ়ক : Sri Lankan President india visit:দুদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে দিল্লীত উপস্থিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি