Israel-Hamas war : গাজাৰ যুদ্ধবিৰতি চাৰিদিনতকৈও অধিক হ’ব বুলি আশা প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : চাৰি দিনীয়া যুদ্ধবিৰতি ইজৰাইল আৰু হামাছৰ । শুকুৰবাৰ পুৱাৰে পৰা আৰম্ভ হৈছে ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি(Israel-Hamas war) ।
মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে গাজাৰ যুদ্ধবিৰতি চাৰিদিনতকৈও অধিক হ’ব বুলি আশা প্ৰকাশ কৰিছে । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে যুদ্ধবিৰতি সন্দৰ্ভত কয় যে সামৰিক সাহায্যৰ চৰ্ত ৰখাটো “এটা গুৰুত্বপূৰ্ণ চিন্তা” ৷ মেছাচুচেটছৰ নেনটাকেটত সংবাদ মাধ্যমৰ সমুখত বাইডেনে কয় যে পণবন্দীসকলৰ কিছুমানক মুকলি কৰি দিয়াৰ সিদ্ধান্ত সময়োচিত হৈছে আৰু ইয়াৰ সংখ্যা অধিক হোৱাটো তেওঁ আশা কৰিছে ।
বাইডেনে কয়, “আমি আশা কৰিছো যে অধিক পণবন্দীক মুকলি কৰি দিয়া হ’ব ৷ ” চুক্তি অনুসৰি বৰ্তমানলৈ মুক্ত হোৱা পণবন্দীসকলৰ ভিতৰত ১৩ জন ইজৰাইলী, থাইলেণ্ডৰ ১০ জন আৰু ফিলিপাইনছৰ এজন লোক । বিনিময়ত ইজৰাইলে ৩৯ জন পেলেষ্টাইনীক কাৰাগাৰৰ পৰা মুক্তি দিয়ে ৷ তেল আভিভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ৭ অক্টোবৰত হামাছে ইজৰাইলত চলোৱা অভিযানত পণবন্দী কৰা সকলক মুকলি কৰি দিয়া কাৰ্যক আদৰণি জনাইছে(Conditions on aid to Israel a ‘worthwhile thought’) ৷
লগতে তেওঁৰ চৰকাৰ প্ৰতিগৰাকী পণবন্দীক ঘূৰাই অনাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ বুলিও কয়। এই আক্ৰমণত প্ৰায় ২৪০ জন লোকক পণবন্দী বনোৱা হয় । নেতান্যাহুৱে পুনৰ কয়, “সকলো পণবন্দীক ঘূৰাই পোৱাটো যুদ্ধৰ অন্যতম লক্ষ্য আৰু আমি যুদ্ধৰ সকলো লক্ষ্যত উপনীত হ’বলৈ প্ৰতিশ্ৰুতিৱদ্ধ(Putting conditions on military aid to Israel ‘worthwhile thought’, says US President Biden)।”
উল্লেখ্য যে, ইজৰাইলৰ অফেৰ কাৰাগাৰৰ বাহিৰত চুক্তিৰ বিনিময়ত ৩৯ জন পেলেষ্টাইনী পণবন্দীৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা সময়তে সহস্ৰাধিক পেলেষ্টাইনীলৈ ইজৰাইলী সেনাই নিক্ষেপ কৰে কন্দুৱা গেছ ৷