Complaint against controlar goods seller:বিলাসীপাৰাত সুলভ মূল্যৰ চাউল বিতৰণৰ নামত ব্যাপক অনিয়ম
বিলাসীপাৰা,২জানুৱাৰী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰাপ্য চাউল প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । কিন্তু ইয়াৰ মাজতে একাংশ সুলভ মূল্যৰ দোকানৰ দোকানীয়ে চলাই গৈছে ব্যাপক দুৰ্নীতি । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বিজেপি চৰকাৰক অঙ্গুষ্ঠ দেখুৱাই চৰকাৰী সুলভ মূল্যৰ দোকানী চলাই আহিছে ব্যাপক দূৰ্নীতি(Complaint against controlar goods seller)।
বিলাসীপাৰাত সুলভ মূল্যৰ চাউল বিতৰণৰ নামত ব্যাপক অনিয়ম।৩৫ কিলোগ্ৰাম চাউলৰ বিপৰীতে মাত্ৰ ৪-৫ কিলোগ্ৰাম চাউল দিয়াৰ অভিযোগ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে।
ৰাণীগঞ্জ সমবায় সমিতিৰ এজেণ্ট মৰিয়ম বেগমৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ। অঞ্চলটোৰ দৰিদ্ৰ ওমৰজান বেওয়া বিধাবা মহিলা এগৰাকী এখন ৰেচন কাৰ্ড প্ৰদান কৰিছে। নিয়ম মতে বিধবা মহিলা গৰাকীয়ে মাহিলী ৩৫ কিলোগ্ৰামকৈ চাউল পাব লাগে। কিন্তু ৩৫ কেজিৰ কাৰ্ডত লিখি মহিলা গৰাকীক সুলভ মুল্যৰ দোকানী মৰিয়ম বেগমে নিজ ইচ্ছা মতে মাত্ৰ ৪-৫ কিলোগ্ৰামকৈ চাউল যোগান ধৰি বাকী চাউল আত্মসাৎ কৰি আহিছে।
মহিলাগৰাকী নিৰক্ষৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি দোকানীজনে তেওঁৰ কাৰ্ডত কেতিয়াবা ৩০ কিলোগ্রাম, কেতিয়াবা ১০ কিলোগ্ৰাম চাউল দিয়া বুলি উল্লেখ কৰি আহিছে। তাৰোপৰি অকলশৰীয়া মহিলাগৰাকীৰ কাৰ্ডত নীতি বহিৰ্ভুত ভাবে অইন এগৰাকী যুৱতীৰ নামো সংলগ্ন কৰি আৱন্টিত চৰকাৰী চাউল আত্মসাৎ কৰি আহিছে। স্থানীয় ৰাইজৰ লগতে দ’ল- সংগঠনে বিষয়টো তদন্ত ক্ৰমে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে।
লগতে পঢ়ক :Udalguri News:কোনে গুণ্ডাৰাজ চলাইছে ৰৌতা উন্নয়ন খণ্ডত?