Complaint against BJP MLA Mrinal Saikia over ‘derogatory remarks’ on lower Assam : নামনি অসমৰ লোকক অপমানসূচক মন্তব্য কৰি বিপদত মৃণাল শইকীয়া

নিউজ ডেস্ক,৮জুন : খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সন্মুখত আন এক বিপদ । নামনি অসমৰ লোকক অপমানসূচক মন্তব্য কৰি বিপদত পৰিল মৃণাল শইকীয়া ।
অসমৰ বিভিন্ন থানাত মৃণাল শইকীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । বিলাসীপাৰাত এজাহাৰ দাখিল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে। ইফালে শংকৰদেৱ যুৱ মঞ্চৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদকে অভয়াপুৰী থানাত দাখিল কৰিলে এজাহাৰ। বঙাইগাঁৱতো বিতৰ্কিত আৰু অসমৰ বিভাজনমূলক মন্তব্যৰ বাবে এজাহাৰ দাখিল মৃণাল শইকীয়াৰ বিৰুদ্ধে(Complaint against BJP MLA Mrinal Saikia over ‘derogatory remarks’ on lower Assam)।
বিধায়ক মৃণাল শইকীয়াই কৈছিল ‘‘আমি উজনি অসমৰ মানুহ স্বাভিমানী। আমি নামনি অসমৰ মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে, আমিয়েইটো নামনি অসমক চলাই আছো। আমি ইমান Pride থকা জাতি এটা মাহেকত ১২৫০টা দিছো, আমাক ভোটে দিয়া। আমাৰ Prideক আঘাত কৰা হ’ল।’’
বিধায়কগৰাকীয়ে নামনি অসমৰ বিৰুদ্ধে দিয়া এই বিতৰ্কিত তথা কটু মন্তব্যৰ বিৰুদ্ধে খুৰধাৰ সমালোচনা কৰি ক্ষোভ প্ৰকাশ কৰে দল সংগঠনে। লগতে অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় চৰকাৰ তথা আৰক্ষী প্ৰশাসনক।
লগতে পঢ়ক : Mob lynching of Abhi Neel : অভি-নীল হত্যাকাণ্ডৰ ৬টা বছৰ সম্পূৰ্ণ;আজিলৈ ন্যায় নাপালে দুই পৰিয়ালে