Farmers Protest : পুনৰ প্ৰতিবাদী কৃষকৰ দিল্লী অভিমুখী যাত্ৰা; কটকটীয়া নিৰাপত্তা ব্যৱস্থা
নেশ্যনেল ডেস্ক, ৬ মাৰ্চ : পুনৰ প্ৰতিবাদী কৃষকৰ দিল্লী অভিমুখী যাত্ৰা(Farmers Protest) । বুধবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি কৃষকৰ প্ৰতিবাদৰ বাবে যাত্ৰীসকলে যান-জঁটৰ সন্মুখীন হ’ব পাৰে।বুধবাৰে পুৱাৰ ভাগত দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তত কৃষকসকলে সমবেত হ’বলৈ আৰম্ভ কৰাৰ লগে লগে বৃহৎ যান-জঁটৰ সৃষ্টি হোৱা দেখা গৈছিল ।
দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি টিকৰি, সিংঘু, আৰু গাজীপুৰ সীমান্তৰ লগতে ৰে’ল আৰু মেট্ৰ’ ষ্টেচন আৰু বাছ ষ্টেণ্ডত কঠোৰ সতৰ্কতা অৱলম্বন কৰিব।
আৰক্ষী উপ আয়ুক্ত (বাহ্যিক) জিমি চিৰামে কয় যে , “আমি তিনিওটা সীমান্ততে নিৰাপত্তা বৃদ্ধি কৰিছো । অৱশ্যে আমি কোনো সীমান্ত বা পথ বন্ধ কৰা নাই যদিও যান-বাহন পৰীক্ষা কৰা হ’ব । ইতিমধ্যে দিল্লী-হাৰিয়ানা সীমান্তত বাহিনী মোতায়ন কৰা হৈছে । কৃষকসকলে জনোৱা আহ্বানৰ পিছত আমি পৰিস্থিতিৰ ওপৰত চকু ৰাখিছো( Commuters must prepare for traffic jams, say police; security mounted) ।”
আন এজন আৰক্ষী বিষয়াই কয় যে , “আমি সিংঘু আৰু টিকৰি সীমান্তত যাতায়তৰ বাবে থকা বাধাসমূহ সাময়িকভাৱে আঁতৰাই পেলাইছিলো । আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান এতিয়াও নিয়োগ কৰা হৈ আছে ৷ ৰে’ল আৰু মেট্ৰ’ষ্টেচন আৰু বাছ ষ্টেণ্ডত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে কাৰণ কৃষকসকল ৰে’ল আৰু বাছৰ দৰে ৰাজহুৱা পৰিবহণতো আহিব ।
বিষয়াগৰাকীয়ে লগতে কয় যে , “দিল্লীত ইতিমধ্যে 144 ধাৰা জাৰি কৰা হৈছে । আমি ইয়াত ক’তো কোনো ধৰণৰ সমাৱেশ বা সমাৱেশৰ অনুমতি নিদিওঁ ।” আই এছ বি টি কাশমেৰ গেট, আনন্দ বিহাৰ, আৰু শৰাই কালে খানত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে(Commuters must prepare for traffic jams, say police; security mounted) ।
উল্লেখ্য যে, কৃষক আন্দোলনৰ নেতৃত্ব দি থকা কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) নামৰ দুটা সংস্থাই দেওবাৰে সমগ্ৰ দেশৰ কৃষকসকলক বুধবাৰে দিল্লীত উপস্থিত হ’বলৈ আহ্বান জনাইছিল কৃষক নেতা সৰৱান সিং পান্ধেৰ আৰু জগজিৎ সিং দলেৱালে ।