Communal Violence : কোনো ভাঙি লণ্ড ভণ্ড কৰিলে কালীৰ প্ৰতিমা ?

ধুবুৰী, ২১ছেপ্টেম্বৰ : শংকৰ আজানৰ মিলনভূমিত কোনোৱাই সিঁচিব বিচাৰিছে নেকি সাম্প্ৰদায়িকতাৰ বীজ। কিয় কোনো অজ্ঞাত লোকে লণ্ড ভণ্ড কৰিলে কালীৰ প্ৰতিমা। হিন্দুসকলৰ আৰাধ্য তথা মাঁ সম্বোধন কৰা কালীৰ প্ৰতিমা ভাঙি পেলোৱা কাৰ্য কিমানদুৰ গ্ৰহণযোগ্য ?সাম্প্ৰদায়িকতা বিয়পোৱাৰ চেষ্টা কাৰ ? কালীৰ প্ৰতিমা লণ্ডভণ্ড । কালী মন্দিৰৰ সন্মুখতে এই দুস্কাৰ্য(Communal Violence) ।
ধুবুৰীত সংঘটিত হৈছে অঘটন । ধুবুৰীৰ গৌৰীপুৰৰ গোলকগঞ্জত কালিৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰী। কিন্তু কিয় ভাঙিলে কালিৰ মূৰ্তি দুস্কৃতিকাৰীয়ে। শংকৰ আজানৰ মিলনৰ ৰাজ্যত এয়া কি সংঘটিত হৈছে ?
ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ গড়েৰহাট বজাৰৰ সমীপৰ কালী মন্দিৰৰ মূৰ্তি বুধবাৰে নিশা অজ্ঞাত দুস্কৃতিকাৰীয়ে ভাঙি বাহিৰত পেলাই দিয়া ঘটনাই এতিয়ই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰাইজে প্ৰত্যক্ষ কৰে মন্দিৰৰ বাহিৰত মূৰ্তি ভাঙা অৱস্থাত পৰি থকা দেখা পায়(Communal Violence) ৷
এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় গৌৰীপুৰৰ ৰাইজ । স্থানীয় ৰাইজে এই ঘটনাৰ সম্পৰ্কে আগমনি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আগমণিৰ আৰক্ষীৰ বৃহৎ এটা সঁজাতী দল ৷
স্থানীয় ৰাইজে দাবী জনাই যে অতি শীঘ্ৰে দুস্কৃতিকাৰীক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰে যেন ।
লগতে পঢ়ক : Bicycle collapsed : ৰাজ্যৰ শিক্ষা বিভাগে কিমান গুৰুত্ব দিয়ে চৰকাৰী আচঁনিত