Local, Vocal, Global

Commercial LPG Cylinder Prices Slashed : পুনৰ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য; ৭০ টকা হ্ৰাস পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম

নিউজ ডেস্ক,১জুন : পুনৰ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম । ৭০ টকা হ্ৰাস পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম ।

দেশত লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সাধাৰণ ৰাইজৰ বাবে ভাল খবৰ । ১ জুনৰ পৰা হ্ৰাস পালে এল পি জি চিলিণ্ডাৰৰ মূল্য ।

তেল কোম্পানীবোৰৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্য অনুসৰি শনিবাৰৰ পৰা কাৰ্যকৰী হৈছে এল পি জি চিলিণ্ডাৰৰ নতুন মূল্য(Commercial LPG Cylinder Prices Slashed) ।

জানিব পৰা মতে, ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ নতুন মূল্যত ৬৯.৫০ টকা হ্ৰাস পাইছে । একে সময়তে একেটা চিলিণ্ডাৰ কলকাতাত ৭২ টকা সস্তা হৈছে । মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্যত ৬৯.৫০ টকা হ্ৰাস কৰা হৈছে । চেন্নাইত ৭০.৫০ টকা হ্ৰাস কৰা হৈছে ।

লক্ষণীয়ভাৱে কোম্পানীবোৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য তিনিগুণ হ্ৰাস কৰিছে । এপ্ৰিল আৰু মে’ মাহত মূল্য হ্ৰাস হৈছিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। একেৰাহে দুমাহত ২০ টকা হ্ৰাস হৈছে এল পি জি চিলিণ্ডাৰৰ মূল্য ।

অৱশ্যে তেল কোম্পানীবোৰে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন কৰা নাই ।

লগতে পঢ়ক : Arunachal Pradesh, Sikkim results to be declared on June 2 : দেওবাৰে অৰুণাচল প্রদেশ আৰু ছিকিম বিধানসভা নির্বাচনৰ ভোট গণনা