Commercial LPG Cylinder Prices Hiked From Today : পুনৰ বৃদ্ধি ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্য
নিউজ ডেস্ক, ১নৱেম্বৰ : বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পৰাই যেন মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ দেশ(Price hike) । কি বস্তুত বৃদ্ধি হোৱা নাই মূল্য? খোৱা-বোৱাকে ধৰি সুৰালৈকে প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ বিজেপি চৰকাৰ। অথচ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা প্ৰতিশ্ৰুতিৰে ভাষণৰ ফুলজাৰী মাৰিয়েই শাসনলৈ আহিছিল এইখন চৰকাৰ।
আজিৰ তাৰিখত অসমৰ প্ৰত্যেকখন বজাৰত যেন জুই লাগিছে । এই জুই মূল্যবৃদ্ধিৰ(Commercial LPG Cylinder Prices Hiked From Today) ।
পুনৰ বৃদ্ধি ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্য । কৰৱা চৌথ আৰু দীপাৱলী উৎসৱৰ পূৰ্বে মৃল্যবৃদ্ধি কৰি সাধৰণ জনতাক সোধালে মাধমাৰ ।
তথ্য অনুসৰি,এইবাৰ ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০৩ টকাতকৈও অধিক বৃদ্ধি কৰা হৈছে(Commercial LPG Cylinder Prices Hike) ।
উল্লেখ্য যে, প্ৰতিমাহৰ প্ৰথম তাৰিখত পেট্ৰ’লিয়াম কোম্পানীবোৰে গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে । সেই অনুসৰি ১ নৱেম্বৰত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হয় ।
অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই ।
পেট্ৰ’লিয়াম কোম্পানীবোৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ পিছত বুধবাৰৰ পৰা ৰাজধানী দিল্লীত এই চিলিণ্ডাৰৰ নতুন হাৰ কাৰ্যকৰী হৈছে ।
গুৱাহাটীত বাণিজ্যিক ৰন্ধনগেছৰ চিলিণ্ডাৰৰ নতুন মূল্য হৈছে ২০৩৫ । গুৱাহাটীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১০৩ টকাকৈ বৃদ্ধি ।
লগতে পঢ়ক : Fake note seized in Guwahati : নকল টকাৰ বিৰুদ্ধে মহানগৰীৰ লালমাটিত STFৰ অভিযান