Collision Between Double Decker Bus And Car in Agra Lucknow Expressway : আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা;নিহত ৭জন,আহত ৪৬জন

নিউজ ডেস্ক,৪আগষ্ট : আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত ৭জন লোক । আহত ৪৬জন লোক ।শনিবাৰৰ নিশা লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ এক্সপ্ৰেছৱেৰ উছৰাহাৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
জানিব পৰা মতে, এখন শ্লীপাৰ বাছ আৰু এখন গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ফলত ।ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো গাড়ীখনত থকা তিনিজন আৰু বাছত থকা চাৰিজনকে ধৰি ৭ জন লোকৰ এই দুৰ্ঘটনাত নিহত হয় । দুয়োখন বাহনৰ কমেও ৪০ জন লোক আহত হয়(7 dead, 46 injured after double-decker bus crashes on Agra-Lucknow Expressway) ।
আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে ৰায়বৰেলীৰ পৰা দিল্লী অভিমুখে গৈ থকা এখন নাগালেণ্ডৰ পঞ্জীয়নভুক্ত বাছ, নিশা প্ৰায় ১২.৪৫ বজাত ভুল দিশেৰে অহা এখন গাড়ীৰ সৈতে খুন্দা মাৰে ।
আৰক্ষী অধীক্ষকৰ মতে, লক্ষ্ণৌৰ পৰা আগ্ৰালৈ গৈ থকা গাড়ীখনৰ চালকজন টোপনিতে ভুল দিশত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । এই সংঘৰ্ষৰ পিচত বাছখন পথৰ কাষৰ খাৱৈত বাগৰি পৰে ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ইটাৱাহৰ বাছৰেহৰ, চৌবিয়া, ভৰথানা, উছৰাহাৰ আৰু চাইফাই থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হয় । এছ এছ পি, এছ পি গ্ৰাম্যকে ধৰি অন্যান্য প্ৰশাসনিক বিষয়াসকলো উক্ত স্থানত উপস্থিত হয় । আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহতসকলক গাড়ীৰ পৰা উলিয়াই ছাইফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
ইফালে এই শোকাৱহ দুৰ্ঘটনাত লৈ শোক প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । দুৰ্ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে অনতিপলমে বিষয়াসকলক উক্ত স্থানত উপস্থিত হৈ আহতসকলক সাহায্য প্ৰদানৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে ।তদুপৰি, আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈও জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে আৰু তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে(Collision Between Double Decker Bus And Car in Agra Lucknow Expressway) ।
লগতে পঢ়ক : poor conditions of roads : জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক