Local, Vocal, Global

Coast Guard Helicopter Crash: গুজৰাটত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা;নিহত তিনিগৰাকী ক্ৰু মেম্বাৰ

নেশ্যনেল ডেস্ক,৫জানুৱাৰী : গুজৰাটত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। পোৰবন্দৰ বিমানবন্দৰত অৱতৰণ কৰি থকাৰ সময়তে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।

দেওবাৰে দুপৰীয়া প্ৰায় ১২.১০ সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় ৷ ঘটনাস্থলীত পোৰবন্দৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে আৰু জোৱানকেইজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি পোৰবন্দৰৰ চৰকাৰী চিকিৎসালয়লে প্ৰেৰণ কৰে ৷ এই দুৰ্ঘটনাত প্ৰায় তিনিগৰাকী ক্ৰু মেম্বাৰ নিহত হয়(Coast guard helicopter crashes in Gujarat during training, 3 dead) ।

নিহত ক্ৰু মেম্বাৰ কেইজনক চিকিৎসালয়ত সকলো কাম-কাজ সম্পন্ন কৰাৰ পাছত তেওঁলোকৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব বুলি জানিব পৰা গৈছে ৷

ইফালে এই খবৰ লাভ কৰাৰ পাছতেই পোৰবন্দৰৰ বিধায়ক অৰ্জুনভাই মোধৱাদিয়া আৰু তেওঁৰ ভাতৃ ৰামদেৱভাই মোধৱাদিয়াই ততাতৈয়াকৈ চৰকাৰী চিকিৎসালয়ত উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ বুজ লয় ৷ তেওঁলোকে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে(Coast Guard Helicopter Crash) ৷

লগতে পঢ়ক :Drugs peddler arrested along with drugs: মেৰাপানীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী