Local, Vocal, Global

কয়লা খনিৰ গৰাকীয়ে ঘটনাটো লুকুৱাবলৈ মাজনিশা সমাধিস্থ কৰিলে মৃতদেহ

নিউজ ডেস্ক : দেওবাৰে নিশা তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। তিনিচুকীয়া জিলাৰ অন্তৰ্গত এটা কয়লা খনিত গেছ লিক হোৱাৰ ফলত কমেও তিনিজন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়।

বাতৰি অনুসৰি ঘটনাটো কংগ্ৰেছ ক্ষেত্ৰৰ (Congress field) ওচৰৰ এটা কয়লা খনিত সংঘটিত হৈছিল।

মৃতলোককেইজনক ছহিদুল ইছলাম, হুছেইন আলী আৰু আচমত আলী বুলি চিনাক্ত কৰা হৈছে।

ইফালে, ভুক্তভোগী সকলৰ পৰিয়ালে অভিযোগ কৰে যে কয়লা খনিৰ গৰাকীয়ে ঘটনাটো লুকুৱাবলৈ মাজনিশা JCB ব্যৱহাৰ কৰি মৃতদেহবোৰ সমাধিস্থ কৰে।

উল্লেখ্য যে, বাতৰি লিখা সময়লৈকে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিবলৈ স্থানটোত আৰক্ষী উপস্থিত হোৱা নাই।