Local, Vocal, Global

বান পৰিস্থিতিক লৈ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

নিউজ ডেক্স, ১৬জুলাই : আজি জনতা ভৱনত  ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

বানপানীক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেলত উদ্বেগজনক তথ্য।

তথ্য অনুসৰি ৩৪খন জিলাৰ ৯ হাজাৰ ৯ শ ৮০খন গাঁওৰ মুঠ ৮৯ লাখ ২৯ হাজাৰ লোক পৰে বানৰ কবলত ।

লগতে প্ৰলয়ংকৰী বানত ২৫ হাজাৰ ৬ শ ৭০ টা পৰিয়ালৰ ঘৰ সম্পূ্ৰ্ণ ধ্বংস হয়। ইয়াৰ লগতেই  বান-ভূমিস্খলনত ১৯৫ জন লোকৰ মৃত্যু হয়। বানাক্ৰান্ত ৩৭ গৰাকী লোক এতিয়াও সন্ধানহীন বুলি তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আংশিক ক্ষতিগ্ৰস্ত গৃহৰ তালিকাত ২ লাখ ৭৮ হাজাৰ ২৬০টা পৰিয়াল আছে ৷ দুটাকৈ দীঘলীয়া বানৰ সময়ত ৰাজ্যখনত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত আশ্ৰয় গ্ৰহণ কৰা মুঠ বানাক্ৰান্ত সংখ্যা ৭ লাখ ৪২ হাজাৰ ২ শ ৫০ গৰাকী ৷

নৈ, গৰাখহনীয়া তথা মথাউৰি ছিঙা স্থানৰ পৰা নাও, SDRF, NDRF বাহিনীয়ে উদ্ধাৰ কৰে ৯৮ হাজাৰ ৫ শ গৰাকী লোকক।

বানাক্ৰান্ত জনতাক সকাহ প্ৰদানৰ উদ্দেশ্যে ইতিমধ্যে শিবিৰত থকা প্ৰতিটো পৰিয়ালক ৩ হাজাৰ ৮ শ টকাকৈ প্ৰদান কৰা হয়।

লগতে  বানত কিতাপ-পত্ৰ হেৰুওৱা মুঠ ১ লাখ ১ হাজাৰ ৫ শ ৩৯ গৰাকী শিক্ষাৰ্থীলৈ কিতাপ পত্ৰৰ বাবে ১ হাজাৰ টকাকৈ অনুদান শনিবাৰে জনতা ভৱনৰ পৰা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই ধন ৷

মুখ্যমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে যে বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি গৃহহীন আৰু আশিংকভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকক সহায় কৰিব চৰকাৰে ৷

ইয়াৰ বাবে অহা ২০ জুলাইৰ পৰা ১০ দিনৰ বাবে মন্ত্ৰীসকলে পৰিদৰ্শন কৰিব ক্ষতিগ্ৰস্ত হোৱা স্থান ৷

ক্ষতিগ্ৰস্ত গৃহৰ সমান্তৰালকৈ ৩০ ছেপ্টেম্বৰৰ পৰা ভঙা-ছিঙা মথাউৰি, পথ, ৰাজহুৱা অনুষ্ঠান সকলোবোৰৰ নিৰ্মাণৰ বাবে অনুদান দিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।