Local, Vocal, Global

CM’s Atmanirbhar Scheme kicks off today : আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন হ’ব

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : ৩০ছেপ্টেম্বৰ অৰ্থাৎ আজি শুভ উদ্বোধন হ’ব অসম চৰকাৰৰ এখন অভিলাষী আঁচনি। আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন হ’ব।

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব ২ লাখ টকাৰ ঋণ। প্ৰথম কিস্তিত দিয়া হ’ব ৭৫ হাজাৰ টকা। ৩ দিনীয়া প্ৰশিক্ষণৰ অন্তত পুনৰ প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। নৱেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰা হ’ব দুয়োটা কিস্তি। নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক অন্তৰ্ভুক্ত কৰা হ’ব আঁচনিত(CM’s Atmanirbhar Scheme kicks off today)।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰি কৈছিল যে, ‘‘৩০ ছেপ্টেম্বৰত এটা নতুন আঁচনিৰ শুভ উদ্বোধন কৰা হ’ব । গুৱাহাটীৰ খানাপাৰাত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি’ৰ উদ্বোধন কৰি প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হ’ব ।

২ লাখ টকা প্ৰদান কৰাৰ এই আঁচনিত ২৫ হাজাৰ যুৱক-যুৱতীক প্ৰথম কিস্তিৰ ধন হিচাপে ৭৫ হাজাৰ টকাকৈ বিতৰণ কৰা হ’ব । ইয়াৰ পিছত তিনিদিনৰ প্ৰশিক্ষণ প্ৰদান কৰি আৰু ২৫ হাজাৰ টকাকৈ দিয়া হ’ব । এই এক লাখ টকাৰ সদ্ব্যৱহাৰ কৰিলে পুনৰ এক লাখ টকাকৈ দিয়া হ’ব । আনহাতে আঁচনিখনৰ অধীনত পুনৰ আৰু ৭৫ হাজাৰ যুৱক-যুৱতীক সামৰি লোৱা হ’ব(CM’s Atmanirbhar Scheme kicks off today)।

উল্লেখ্য যে আঁচনিখনৰ যোগেদি কেতবোৰ নিয়মৰ মাজেৰে লাভ কৰিব পৰা যাব ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা ৷ ইয়াৰ বাবে কেতবোৰ চৰ্ত তথা নিয়ম বান্ধি দিয়া হৈছে ৷
হিতাধিকাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তসমূহ হৈছে –

১. হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু বয়সৰ সীমা ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব

২. শিক্ষাগত অৰ্হতা নূন্যতম দশম শ্রেণী উত্তীর্ণ হ’ব লাগিব

৩. উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ (আই টি আই. ডিপ্লমা ইত্যাদি) বাবে প্ৰয়োজনীয় দক্ষতা, জ্ঞান আদি থাকিব লাগিব

৪. পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব

৫. হিতাধিকাৰী চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰৰ পৰিয়ালৰ সদস্য হ’ব নোৱাৰিব

৬. প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এই সুবিধাৰ বাবে যোগ্য হ’ব

৭. ২০২৩ চনৰ ১ এপ্রিলৰ পূর্বে নিয়োগ বিনিময় কেন্দ্রত (Employment Exchange) পঞ্জীয়ন কৰিব লাগিব

মুখ্যমন্ত্রীয়ে লগতে এই পদক্ষেপে অসমত উদ্যমিতাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ৷

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত লগতে কয় যে, এখন আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাৰ দিশত আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ শক্তিশালী নীতি আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ জৰিয়তে আমাৰ উদীয়মান যুৱক-যুৱতীসকলক তেওঁলোকৰ উদ্যমিতাৰ যাত্ৰাত কিছু সহায় আগবঢ়োৱাৰ প্ৰয়াস হিচাপে আমি ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান’ আৰম্ভ কৰিবলৈ ওলাইছোঁ বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে ৷

লগতে পঢ়ক : Strict guidelines issued for e-rickshaws : ই-ৰিক্সাৰ চালক আৰু গৰাকীৰ বাবে জৰুৰী খবৰ