Local, Vocal, Global

CM will arrive in Kaliabor on Monday : সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা;উদ্বোধন কৰিব কেইবাটাও আধাৰশিলাৰ

নিউজ ডেস্ক, ১০ মাৰ্চ : সোমবাৰে কলিয়াবৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । প্ৰান্তৰ সমান্তৰালভাৱে সোমবাৰে কলিয়াবৰত অনুষ্ঠিত হ’ব বিকাশ যাত্ৰা অনুষ্ঠান ।কলিয়াবৰত কাইলৈ কেইবাটাও আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচীৰে উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা( CM will arrive in Kaliabor on Monday) ।

জানিব পৰা মতে, সোমবাৰে কলিয়াবৰ নলতলী আৰিমৰাৰ ৰাজীৱ গান্ধী খেলপথাৰত হেলিকপ্তাৰেৰে অৱতৰণ কৰাৰ পাচতে আৰিমৰাত ৩৫ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । তাৰ পাচতেই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ’ব কুঁৱৰীটোলত । য’ত অসম মালা আঁচনিৰ অধীনত ৪৫.০৭ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া কুঁৱৰীটোলৰ পৰা শিলঘাট হৈ জখলাবন্ধালৈ ১৪.৯৩ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব ।

পৰৱৰ্তী সময়ত জখলাবন্ধাত ১৫০ খন বিচনাযুক্ত কলিয়াবৰ জিলা চিকিৎসালয়ৰ ভূমিপূজন আৰু আধাৰশিলা কাৰ্য সমাপন কৰিব । ৯৯.৯৭ কোটি টকা ব্যয় হ’বলগীয়া চিকিৎসালয়খনৰ আধাৰশিলাৰ পাছতেই নাগশংকৰত উপস্থিত হৈ স্থানীয় বিধায়কৰ ‘চিগনেচাৰ আঁচনি’ ৰ ১০ কোটি টকাৰ ব্যয়ৰে নিৰ্মিত ডা: টি. আও ষ্টেডিয়ামৰ নৱনিৰ্মিত ১৫০০ দৰ্শক বহিব পৰা গেলেৰীসহ পেভিলিয়ন উদ্বোধন কৰিব( CM will arrive in Kaliabor on Monday) ।

ষ্টেডিয়ামৰ চৌহদত নিৰ্মিত অস্থায়ী সভাগৃহৰ পৰাই ভাৰ্চুৱেলি কুঁৱৰীটোলত নিৰ্মাণ হ’বলগীয়া কলিয়াবৰ আইন মহাবিদ্যালয় (২৬.৮৩ কোটি টকা), উলুৱনীৰ আয়ুস চিকিৎসালয় (১৫ কোটি টকা), শিলঘাটৰ পৰ্যটন প্ৰকল্প (৯ কোটি)ৰ লগতে ১৩ কোটি টকাৰ ব্যয় সাপেক্ষ অসম লোকনিৰ্মাণ বিভাগৰ অধীনত দুটা পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব ।

তদুপৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নগাঁও জিলাৰ ২৩ খন চাহ বাগিচালৈ একোখনকৈ এম্বুলেন্স প্ৰদান কৰা হ’ব । এই সভাৰ মঞ্চৰ পৰাই নগাঁও জিলাৰ আন কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ উদ্ধোধন বা আধাৰশিলা স্থাপন কৰি সমবেত ৰাইজক সম্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে । এই বিকাশ যাত্ৰাৰ জৰিয়তে নগাঁও জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিত ব্যয় কৰা হ’ব প্ৰায় ছশ কোটি টকা ।

লগতে পঢ়ক : Union Home Minister Amit Shah will visit Assam : ১৪ মাৰ্চত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ