Zoo Road Flyover: আজি মুকলি হ’ব মহানগৰীৰ আন এখন উৰণ সেতু
নিউজ ডেস্ক, ১৯অক্টোবৰ : প্ৰায় ১বছৰ ৭মাহৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত গুৱাহাটীবাসীৰ বাবে ভাল খবৰ(Zoo Road Flyover) ।
আজি মুকলি হ’ব মহানগৰীৰ আন এখন উৰণ সেতু । মুকলি হ’ব গুৱাহাটী মহানগৰীৰ জু ৰোডৰ উৰণ সেতু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব উৰণ সেতুখনৰ।
উল্লেখ্য যে,নতুনকৈ মুকলি হ’বলগীয়া জু ৰোডৰ উৰণ সেতুখন নামকৰণ কৰা হৈছে ‘শ্ৰদ্ধাঞ্জলি উৰণ সেতু’নামেৰে । ‘শ্ৰদ্ধাঞ্জলি উৰণ সেতু বৃহস্পতিবাৰে মহা পঞ্চমীৰ দিনা সন্ধিয়া উদ্ধোধন কৰা হ’ব(Dispur’s Durga Puja gift to Guwahatians) । বিয়লি ৫.৩০ বজাত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব নৱনিৰ্মিত উৰণ সেতুখন ।
নতুনকৈ মুকলি হ’বলগীয়া শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন ২.২৮ কিল’মিটাৰ দৈৰ্ঘৰ ৷ ইয়াৰ মূল অংশ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰলৈ ১. ৯৮ কিলোমিটাৰ আৰু আন এটা অংশ জু তিনিআলিত জু-নাৰেংগী পথ ৰূপে পৰিচিত মাদাৰ টেৰেছা পথলৈ ৩৩০ মিটাৰ ফাটি গৈছে ৷ ২.২৮ কিল’মিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনৰ মুঠ খৰচ ৩১৮ কোটি টকা ৷ লোকনিৰ্মাণ বিভাগে মুঠ ১৯ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তুলিছে এই উৰণ সেতুখনৰ নিৰ্মাণৰ কাম ৷
বিগত দিনত সাংবাদিকৰ আগত দিয়া ভাষ্যত মুখ্যমন্ত্ৰী গৰাকীয়ে এই সেতুখন মহানগৰবাসীলৈ পূজাৰ উপহাৰ বুলি উল্লেখ কৰি সেতুখনৰ বাবে আগন্তুক ২০ বছৰলৈ মহানগৰবাসীয়ে যান-জঁটৰ পৰা বহু পৰিমাণে সকাহ পাব বুলি মন্তব্য কৰিছিল(CM to inaugurate Assam’s second longest flyover today)।