Local, Vocal, Global

CM Himanta Sarma launches Nijut Moina Scheme at Khanapara : খানাপাৰাত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ; মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে নিযুত মইনা আঁচনিৰ

নিউজ ডেস্ক,৬অক্টোবৰ : আজি ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব ধন । আজি নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কাৰ্যসূচী। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে নিযুত মইনা আঁচনিৰ ।

প্ৰতিটো বিধানসভা সমষ্টিভিত্তিত হ’ব আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান। ৰাজ্যৰ মুঠ ১ লাখ ৫৯ হাজাৰ ৯৩ গৰাকী ছাত্ৰীক দিব এই আৰ্থিক অনুদান(CM Himanta Sarma launches Nijut Moina Scheme at Khanapara)।

ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা নামৰ এখন অভিলাষী আঁচনি হাতত লৈছে । আজি এই অভিলাষী আঁচনিখন সমগ্ৰ ৰাজ্যতে শুভাৰম্ভণি কৰা হয় ৷ কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ ছাত্ৰীসকলক খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজি নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব ।

গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আৰ্থিক অনুদান আগবঢ়ায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, এই আঁচনিৰ জৰিয়তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন । আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে দুমাহ বাদ দি বাকী দহ মাহে মাহেকত ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব । সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব । আনহাতে স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ।

এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব। জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহে ছাত্রীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব । প্ৰথম বছৰ ৰাজ্যজুৰি ১৫৯০৯৩ গৰাকী ছাত্রীক প্ৰদান কৰা হ’ব আঁচনিৰ ধন। আজিৰ পৰা যোগ্য ছাত্রীসকলে লাভ কৰিব আঁচনিৰ ধন। চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত ২৪০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব।

লগতে পঢ়ক :Illegal weapons recover in Gossaigaon :গোসাঁইগাঁৱত বন বিভাগৰ অভিযান;অভিযানত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ ৬ টা বন্দুক