Local, Vocal, Global

Operation against child marriage : ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান

নিউজ ডেস্ক, ৩অক্টোবৰ : পুনৰ বাল্য বিবাহ আইন ভংগ কৰা স্বামীয়ে পিন্ধিব লাগিব হেণ্ডকাফ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ সোমবাৰে নিশা বাল্য বিবাহ আৰু বে-আইনী স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় অভিযান ।

উল্লেখ্য যে,ৰাজ্য চৰকাৰে (Assam Government) বাল্য বিবাহ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশত এক অভিযান চলায়। এই অভিযানত কেইবা শতাধিক লোকক আটক কৰে(Operation against child marriage)।

প্ৰথম অভিযানত আৰক্ষীয়ে উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ, গাঁৱে-ভূৱে অলিয়ে গলিয়ে বে-আইনী স্বামীৰ বিৰুদ্ধে চলাইছিল বৃহৎ অভিযান । এই অভিযানত গ্ৰেপ্তাৰ হৈছিল বাল্য বিবাহ আইন ভংগ কৰা স্বামীৰ লগতে বাল্য বিবাহৰ লগত জড়িত অভিভাৱকসকলো । সোমবাৰে নিশাও পুনৰ আৰক্ষী ৰাজ্যৰ বিভিন্ন এলেকাত অভিযান চলাই কেবাজনো বাল্য বিবাহ আইন ভংগ কৰা স্বামীৰ লগতে বাল্য বিবাহৰ লগত জড়িত অভিভাৱকক আটক কৰিবলৈ সক্ষম হয় ।

স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছিল । ২০২৬ৰ ভিতৰত নাইকীয়া কৰিব বাল্য বিবাহৰ ঘটনা । দ্বিতীয় অভিযান চলাইছিল ছেপ্তেম্বৰ মাহত। প্ৰথম অভিযান চলাইছিল চলিত মাহৰ ফ্ৰেব্ৰুৱাৰী মাহত । ফ্ৰেব্ৰুৱাৰী মাহত ৬-৭ দিনত ১৮ বছৰ তলৰ কিশোৰীক বিয়া কৰোৱা হাজাৰ হাজাৰ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল(CM Himanta Biswa Sarma strict action against child marriage) ।

প্ৰথম অভিযানত এই পৰ্যন্ত বাল্য বিবাহৰ অপৰাধত ধৰা হৈছে ৪ হাজাৰ লোকক। পকছো আইনৰ অধীনত উজনি পৰা নামনিলৈকে গ্ৰেপ্তাৰ কৰা হৈছে ৪হাজাৰ লোকক ।

প্ৰথম অভিযানত ৪হাজাৰতকৈ অধিক গোচৰ ৰুজু হৈছিল কিন্তু তাৰে অধিকাংশ পলায়ন কৰিছিল । তাৰে ওপৰত আৰক্ষীয়ে চলাই আছে পুনৰ অভিযান । লগতে নতুন গোচৰৰৰ ওপৰত চলাব অভিযান । অসম আৰক্ষীয়ে ইতিমধ্যে সাজু হৈছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাত ।

জানিব পৰা মতে, এই অভিযান কেৱল অবৈধ স্বামীৰ বিৰুদ্ধে নহয় । এই অভিযান চলিব নাবালিকাক বিয়া দিয়া পৰিয়ালৰৰ বিৰুদ্ধে।শেহতীয়াকৈ অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গ্ৰেপ্তাৰ কৰা হৈছিল বাল্য বিবাহৰ সৈতে স্বামী সকলক । সংবাদ মাধ্যমতো সৰ্বত্ৰে চৰ্চিত হৈছিল এই ঘটনা । কিন্তু ইয়াতেই জানো ইয়াৰ সামৰণি ।

উল্লেখযোগ্য যে, অসমৰ লগতে ভাৰতত বাল্যবিবাহ এটা ডাঙৰ সমস্যা। জানিব পৰা মতে, বাল্যবিবাহ এক প্ৰথা হিচাপে চলি আহিছে কিছুমান জিলাত । ইয়াক ৰোধ কৰাটো যেন এক অসম্ভৱ হৈ পৰিছে । সমাজত চলি অহা এই প্ৰথা ৰোধ কৰাৰ লক্ষ্যৰে আইন আৰু নীতিৰ সৃষ্টি হোৱাৰ পিছতো কিছুমান অঞ্চলত বাল্যবিবাহ এক ব্যাপক বিষয় হৈয়েই আছে। বাল্যবিবাহ বুলিলে সাধাৰণতে নাবালিকাক বিবাহক বুজোৱা হয়।

অসমত বাল্য বিবাহ এটা ডাঙৰ সমস্য়া । অসমত বাল্যবিবাহৰ মূল কাৰণ বুলিলে দৰিদ্ৰতা, সামাজিক আৰু সাংস্কৃতিক নীতি-নিয়ম, শিক্ষাৰ অভাৱতে হোৱা দেখা যায় ।বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে এক বৃহত পদক্ষেপ গ্ৰহণ কৰিছে। বাল্যবিবাহ অসমৰ এটা ডাঙৰ সমস্যা যিটো তৎকালীনভাৱে সমাধান কৰিব লাগিব।

বাল্যবিবাহৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি লৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰথা শেষ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ৰাজ্যত বাল্যবিবাহ ৰোধ কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ হাতত লৈছে।হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰে যে বাল্যবিবাহ এক বৃহৎ প্ৰত্যাহ্বান যিটোৰ সমাধানৰ প্ৰয়োজন, কিয়নো ই শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰে আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বিপদত পেলায়। তেওঁ লগতে আঙুলিয়াই দিয়ে যে বাল্যবিবাহ বিদ্যালয় এৰাৰ এটা প্ৰধান কাৰণ আৰু ই ৰাজ্যৰ সামগ্ৰিক উন্নয়নত বাধাৰ সৃষ্টি কৰে।

লগতে পঢ়ক :Youth Found Hanging Inside Rehab Centre : মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন