Local, Vocal, Global

Child Marriage : পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান ;পুনৰ অবৈধ স্বামীয়ে পিন্ধিব লাগিব হেণ্ডকাফ !

নিউজ ডেস্ক, ৩১আগষ্ট : পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান(Child Marriage) ।পুনৰ অবৈধ স্বামীয়ে পিন্ধিব লাগিব হেণ্ডকাফ। ১ছেপ্তম্বৰৰ পৰা কঠোৰভাৱে চলিব অবৈধ স্বামীক ধৰা অভিযান । প্ৰথম অভিযানতকৈ কঠোৰ হ’ব দ্বিতীয় অভিযান ।

বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চৰকাৰৰ অভিযান । স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে । ২০২৬ৰ ভিতৰত নাইকীয়া কৰিব বাল্য বিবাহৰ ঘটনা । এইবাৰ দ্বিতীয় অভিযান চলাব ছেপ্তেম্বৰ মাহত। প্ৰথম অভিযান চলাইছিল চলিত মাহৰ ফ্ৰেব্ৰুৱাৰী মাহত । ফেব্ৰুৱা মাহত ৬-৭ দিনত ১৮ বছৰ তলৰ কিশোৰীক বিয়া কৰোৱা হাজাৰ হাজাৰ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল(CM Himanta Biswa Sarma strict action against child marriage) ।

প্ৰথম অভিযানত এই পৰ্যন্ত বাল্য বিবাহৰ অপৰাধত ধৰা হৈছে ৪ হাজাৰ লোকক। পকছো আইনৰ অধীনত উজনি পৰা নামনিলৈকে গ্ৰেপ্তাৰ কৰা হৈছে ৪হাজাৰ লোকক ।

প্ৰথম অভিযানত আৰক্ষীয়ে উজনিৰ পৰা নমানিলৈ,ব্ৰব্ক্ষ্মপুত্ৰৰ পৰা বৰাককৈলৈ, গাঁৱে-ভূৱে অলিয়ে গলিয়ে অবৈধ স্বামীৰ বিৰুদ্ধে চলাইছিল বৃহত অভিযান । আৰু এই অভিযানত গ্ৰেপ্তাৰ হৈছিল বাল্য বিবাহৰ লগত জড়িত স্বামীক ।

কাইলৈৰ পৰা বাল্য বিবাহত আবদ্ধ হোৱা সকলৰ বিৰুদ্ধে পুনৰ অভিযান চলিব। অভিযানত ৰাজ্যখনৰ বাল্য বিবাহত আৱদ্ধ হাজাৰ হাজাৰ লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

জানিব পৰা প্ৰথম অভিযানত ৪হাজাৰতকৈ অধিক গোচৰ ৰুজু হৈছিল কিন্তু তাৰে অধিকাংশ পলায়ন কৰিছিল । তাৰে ওপৰত আৰক্ষীয়ে চলাব পুনৰ এই অভিযান । লগতে নতুন গোচৰৰৰ ওপৰত চলাব অভিযান । অসম আৰক্ষীয়ে ইতিমধ্যে সাজু হৈছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাত ।

কাইলৈ পুনৰ অভিযান চলোৱা জিলাসমূহৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে । তালিকাত নাম উল্লেখ কৰা অনুসৰি , মৰিগাঁও, ধুবুৰী,,চাপৰ, বিলাসীপাৰা, ধিং ,যমুনামুখ ,লখিমপুৰ,বঙালমৰা,নাওবৈচা,তেজপুৰ,বিশ্বনাথ ।নগাঁও,গোলাঘাটকে ধৰি বহুকেইখন জিলাত চলাব অভিযান । উল্লেখ্য য়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈৰে পৰা চলাব অভিযান ।

জানিব পৰা মতে, এই অভিযান কেৱল অবৈধ স্বামীৰ বিৰুদ্ধে নহয় । এই অভিযান চলিব নাবালিকাক বিয়া দিয়া পৰিয়ালৰৰ বিৰুদ্ধে।

শেহতীয়াকৈ অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গ্ৰেপ্তাৰ কৰা হৈছিল বাল্য বিবাহৰ সৈতে স্বামী সকলক । সংবাদ মাধ্যমতো সৰ্বত্ৰে চৰ্চিত হৈছিল এই ঘটনা । কিন্তু ইয়াতেই জানো ইয়াৰ সামৰণি ।

উল্লেখযোগ্য যে, অসমৰ লগতে ভাৰতত বাল্যবিবাহ এটা ডাঙৰ সমস্যা। জানিব পৰা মতে, বাল্যবিবাহ এক প্ৰথা হিচাপে চলি আহিছে কিছুমান জিলাত । ইয়াক ৰোধ কৰাটো যেন এক অসম্ভৱ হৈ পৰিছে । সমাজত চলি অহা এই প্ৰথা ৰোধ কৰাৰ লক্ষ্যৰে আইন আৰু নীতিৰ সৃষ্টি হোৱাৰ পিছতো অঞ্চলটোত বাল্যবিবাহ এক ব্যাপক বিষয় হৈয়েই আছে। বাল্যবিবাহ বুলিলে সাধাৰণতে নাবালিকাক বিবাহক বুজোৱা হয়।

অসমত বাল্য বিবাহ এটা ডাঙৰ সমস্য়া । অসমত বাল্যবিবাহৰ মূল কাৰণ বুলিলে দৰিদ্ৰতা, সামাজিক আৰু সাংস্কৃতিক নীতি-নিয়ম, শিক্ষাৰ অভাৱতে হোৱা দেখা যায় ।

বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে এক বৃহত পদক্ষেপ গ্ৰহণ কৰিছে। বাল্যবিবাহ অসমৰ এটা ডাঙৰ সমস্যা যিটো তৎকালীনভাৱে সমাধান কৰিব লাগিব। বাল্যবিবাহৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি লৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰথা শেষ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ৰাজ্যত বাল্যবিবাহ ৰোধ কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ হাতত লৈছে।

হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰে যে বাল্যবিবাহ এক বৃহৎ প্ৰত্যাহ্বান যিটোৰ সমাধানৰ প্ৰয়োজন, কিয়নো ই শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰে আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বিপদত পেলায়। তেওঁ লগতে আঙুলিয়াই দিয়ে যে বাল্যবিবাহ বিদ্যালয় এৰাৰ এটা প্ৰধান কাৰণ আৰু ই ৰাজ্যৰ সামগ্ৰিক উন্নয়নত বাধাৰ সৃষ্টি কৰে।

লগতে পঢ়ক :Bihar School Holidays: বেয়া খবৰ; উৎসৱ-পাৰ্বণত বন্ধ নাথাকিব শিক্ষানুষ্ঠান