Local, Vocal, Global

CM Himanta Biswa Sarma meets Union Minister Gadkari and Ashwini Vaishnaw : দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,২৫জুলাই : দেশৰ ৰাজধানীত তিনিদিনীয়া কাৰ্যসূচীৰে আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিছে ইজনৰ পিছত সিজন কেন্দ্ৰীয় মন্ত্ৰীক ৷ সাক্ষাৎ কৰি অসমৰ বিভিন্ন প্ৰসংগ লৈ আলোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীক সমাধান আৰু বিকাশৰ বাবে জনাইছে আহ্বান(CM Himanta Biswa Sarma meets Union Minister Gadkari and Ashwini Vaishnaw) ৷

বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই নতুন দিল্লীত ৬ গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীক আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰি আলোচনাত মিলিত হয় ৷ তাৰ ভিতৰত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ অন্যতম ৷ দুয়োগৰাকী মন্ত্ৰীকে নিশাৰ ভাগত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এই সাক্ষাৎকালত অসমত চলি থকা কেইবাটাও আন্তঃগাঁথনিৰ কামৰ স্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে ৷

লগতে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰে’ল সংযোগ উন্নত কৰাৰ লগতে ৰাজ্যত ৰে’ল উৎপাদনকাৰী সত্তা স্থাপনৰ সম্ভাৱনীয়তা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে আলোচনা কৰে (CM Himanta Biswa Sarma meets Union Minister Gadkari and Ashwini Vaishnaw)৷

লগতে পঢ়ক : Kejriwal’s custody extended till August 8 : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ দিন বৃদ্ধি