Golaghat Triple Murder : ফাষ্ট ট্ৰেক আদালতত হ’ব ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বিচাৰ, মুখ্যমন্ত্ৰীৰ মন্তব্য
নিউজ ডেস্ক, ২৬ জুলাই : গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে পুৱাই গোলাঘাটত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Golaghat Triple Murder) । হত্যাৰ বলি হোৱা সংঘমিত্ৰা ঘোষৰ ভগ্নী অংকিতা ঘোষক সাক্ষাৎ কৰে হিমন্ত বিশ্ব শৰ্মাই । সমগ্ৰ ঘটনাৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে(CM Himanta Biswa Sarma meets Golaghat triple murder case victim’s family) ।
মুখ্যমন্ত্ৰীয়ে কয় যে ১৫ দিনৰ ভিতৰত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ’ব । ক্ষীপ্ৰ গতিত চলিছে ঘটনাৰ তদন্ত । দোষীয়ে উচিত শাস্তি পাব । ফাষ্ট ট্ৰেক আদালতত হ’ব ঘটনাৰ বিচাৰ । নিয়োগ কৰা হ’ব বিশেষ চৰকাৰী অধিবক্তা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘ সংঘমিত্ৰাক ড্ৰাগছ দিয়া হৈছিল । সংঘমিত্ৰাক ড্ৰাগছ দিয়াৰ ঘটনাৰ তদন্ত হ’ব লাগিছিল। তদন্তকাৰী বিষয়া সঞ্জীৱ সান্যালে তদন্তত গাফিলতি কৰিছিল । নাজিবুৰ ড্ৰাগছ আসক্ত আছিল । আৰক্ষীয়ে তেতিয়াই তদন্ত কৰা হ’লে ইমানখিনি নহ’লহেঁতেন।’’ গোলাঘাট কাণ্ডৰ তদন্তত আৰক্ষীৰ দোষ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ।
অভিযুক্ত নাজিবুৰৰ ফাঁচিৰ বাবে আবেদন জনাব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। লাভ জেহাদৰ দৰে ঘটনা যাতে নহয় তাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়ক : Golaghat Triple Murder : আজি ৰাজ্য কঁপোৱা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ ল’ব মুখ্যমন্ত্ৰীয়ে