CM Attends SP conference in Bongaigaon : ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে সাংস্কৃতিক অনুষ্ঠান কৰা, গামোচা লৈ ফুৰা বন্ধ কৰক ; SP সন্মিলনত মুখ্যমন্ত্ৰীৰ মন্তব্য
নিউজ ডেস্ক, ২৮ জুলাই : ছয় মাহৰ মূৰে মূৰে অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক (SP) সকলৰ সন্মিলন শুকুৰবাৰে অনুষ্ঠিত হয় বঙাইগাঁৱত(CM Attends SP conference in Bongaigaon) ৷ SP সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে কেতবোৰ নীতি-নিৰ্দেশনা(SP conference at Bongaigaon convention centre) ৷
মুখ্যমন্ত্ৰীয়ে SP সন্মিলনত কয় যে “আৰক্ষীৰ লোকে সাংস্কৃতিক অনুষ্ঠান আদিত অংশ গ্ৰহণৰ পৰা বিৰত থকা উচিত ৷ নিজৰ পোছাকযোৰৰ মৰ্যাদা ৰক্ষা কৰি চলিব লাগে(CM Attends SP conference in Bongaigaon) ৷ ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত-মাত, গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব । এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানত অংশ ল’বলৈ আৰক্ষী বিষয়াই ডিজিপিৰ অনুমতি সাপেক্ষে যাব পাৰিব ৷ সাংবাদ মাধ্যমত এছ পি সকলে ওলাই থকা মনোভাৱ ত্যাগ কৰা উচিত ৷ একাংশৰ এনে মনোভাৱে আন একাংশ এছপিৰ মনোবলক দুৰ্বল কৰে ৷”
বঙাইগাঁৱত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়(CM Himanta biswa Sharma Attends SP conference at Bongaigaon convention centre) । লগতে তেওঁ আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি সাপেক্ষে সাংস্কৃতিক অনুষ্ঠানত আৰক্ষী অধীক্ষকসকলে অংশ ল’ব পাৰিব বুলিও উল্লেখ কৰিছে ।
লাভ জেহাদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে “লাভ জেহাদৰ বিৰুদ্ধে আৰক্ষীয়ে সঠিক তদন্ত কৰা উচিত ৷ বিয়া পতাৰ কথা কৈ ধৰ্মান্তৰিতকৰণ কৰা অপৰাধ ৷ আৰক্ষীয়ে এই বিষয়ে তদন্ত কৰিব লাগিব ৷
মূলতঃ জনপ্ৰিয়তাৰ পিছত আৰক্ষী অধীক্ষকসকল দৌৰি ফুৰা কাৰ্যক তেওঁ সমালোচনা কৰি সংবাদ মাধ্যমৰ পৰাও দূৰত্বত অৱস্থান কৰাৰ পোষকতা কৰে। তেওঁৰ মতে একাংশ আৰক্ষী অধীক্ষকৰ বাবে আন একাংশ আৰক্ষী অধীক্ষকৰ মনোবল দুৰ্বল হয়।
এই সন্মিলনতে তেওঁ নতুনকৈ ১৫ হাজাৰ আৰক্ষীক নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে । আৰক্ষীৰ আন্তঃগাঁথনি উন্নয়ন আৰু নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথাও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আনহাতে আগন্তুক সময়ত ড্ৰাগছ বিৰোধী অভিযানৰ লগতে লাভ জেহাদৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে । তেওঁ উল্লেখ কৰা অনুসৰি বিগত দুটা বছৰত প্ৰতি বছৰে প্ৰায় ১৬০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।
নাৰী জনিত অপৰাধো যোৱা দুটা বছৰত হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ছেপ্টেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ হ’ব বুলি কয় ।
লগতে পঢ়ক : Protests in Arunachal Pradesh : মণিপুৰ নাৰী নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত প্ৰতিবাদ