Arvind Kejriwal skips ED summons in Delhi Jal Board case : এইবাৰ নতুন গোচৰত EDৰ চমন দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাললৈ
নিউজ ডেস্ক, ১৮ মাৰ্চ : পুনৰ EDৰ চমন দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাললৈ । এইবাৰ নতুন গোচৰত কেজৰিৱাললৈ চমন EDৰ। মানী লণ্ডাৰিঙৰ গোচৰত চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাললৈ। দিল্লী জল বোৰ্ডৰ কেলেংকাৰি সন্দৰ্ভতো EDয়ে জাৰি কৰিছিল চমন(Arvind Kejriwal skips ED summons in Delhi Jal Board case)।
সোমবাৰে দিল্লী জল বোৰ্ডত অনিয়মৰ অভিযোগৰ সৈতে জড়িত এক ধন আত্মসাৎ গোচৰত ইডিয়ে চমন প্ৰেৰণ কৰিছিল । কিন্তু কেজৰিৱালে এই চমন প্ৰত্যাখ্যান কৰে । চমনক আইনবিৰোধী আখ্যা আম আদমী পাৰ্টীৰ।
আনহাতে কেন্দ্ৰীয় চৰকাৰে ইডি ব্যৱহাৰ কৰি কেজৰিৱালক লক্ষ্য কৰি লোৱা বুলিও দলটোৱে অভিযোগ কৰিছে(Arvind Kejriwal to skip ED summons in Delhi Jal Board case) ।
উল্লেখ্য যে, ইডিয়ে সোমবাৰে কেজৰিৱালক দিল্লী জল বোৰ্ডত অনিয়মৰ সৈতে জড়িত ধন আত্মসাৎ গোচৰত সোধা-পোছৰ বাবে মাতি পঠিয়াইছিল । ধন আত্মসাৎ সম্পৰ্কীয় গোচৰত কেজৰিৱালৰ বিৰুদ্ধে ইডিয়ে চমন প্ৰেৰণ কৰা এয়া দ্বিতীয় ঘটনা(CM Arvind Kejriwal skips ED summons in money-laundering case linked to Delhi Jal Board) ।
কেজৰিৱালে এতিয়ালৈকে এই ক্ষেত্ৰত অষ্টম চমন প্ৰত্যাখ্যান কৰি ইয়াক অবৈধ বুলি অভিহিত কৰিছে । ইডিয়ে তেওঁৰ বিৰুদ্ধে নৱম চমন জাৰি কৰিছে আৰু ২১ মাৰ্চত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কৈছে ।
লগতে পঢ়ক : Bihar road accident : মৰ্মান্তিক পথ দুৰ্ঘটনা; শিশুসহ নিহত ৭জনকৈ লোক