Local, Vocal, Global

Arunachal Assembly polls 2024 : বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হ’ল ৫ গৰাকী বিজেপি প্ৰাৰ্থী

নিউজ ডেস্ক,২৮মাৰ্চ : বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হ’ল ৫ গৰাকী বিজেপি প্ৰাৰ্থী(CM among 5 BJP candidates likely to win unopposed) ।

অৰুণাচলৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুসহ ৫ বিজেপি প্ৰাৰ্থী(Arunachal Assembly polls 2024) ।

উল্লেখ্য যে, অৰুণাচল বিধানসভা নিৰ্বাচনৰ ২৭ মাৰ্চ অৰ্থাৎ বুধবাৰে আছিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ।অন্তিম দিনাও নপৰিল বিৰোধীৰ এখনো মনোনয়ন ।ফলস্বৰূপে আটাইকেইগৰাকী বিজেপি প্ৰাৰ্থী এতিয়া বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিধায়ক হিচাপে মনোনীত হোৱাৰ দিশে ।

অৱশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে এতিয়াও তেওঁলোকৰ বিজয়ৰ আনুষ্ঠানিক ঘোষণা কৰা নাই ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ’ব । ১৯ এপ্ৰিলত হ’ব ভোটগ্ৰহণ । ২৭ মাৰ্চত একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল । ৰাজ্যিক নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে প্ৰাৰ্থীসমূহৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰিব আৰু অহা ৩০ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব ।

লক্ষণীয়ভাৱে অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ ইতিহাসত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা এয়াই প্ৰথম ঘটনা নহয়(For Arunachal CM and 5 others from BJP, assembly polls are a no contest) ।

লগতে পঢ়ক : Banned Militant Group Members Apprehended In Imphal West District : চুবুৰীয়া ৰাজ্য মণিপুৰত গ্ৰেপ্তাৰ চাৰিজনকৈ উগ্ৰপন্থী