Local, Vocal, Global

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ


নিউজ ডেস্ক, ৬ জুলাই : বুধবাৰে ৰাতিপুৱা হিমাচল প্ৰদেশৰ Kullu জিলাৰ চোজ নুলাত ডাৱৰ বিস্ফোৰণ সংঘটিত হয়।

Cloud Burst হোৱাৰ পিছত হোৱা আকস্মিক বানপানীত কেইবাজনো লোক উটি যোৱাৰ আশংকা কৰিছে।

আনহাতে, পুৱাৰ ভাগত হিমাচল প্ৰদেশৰ পাৰ্বতী উপত্যকাত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত সম্পত্তিৰ যথেষ্ট ক্ষতি সাধন হোৱাৰ লগতে গাওঁখনলৈ যোৱা একমাত্ৰ দলংখনো ধ্বংস হৈছে।

আৰক্ষীয়ে কৈছিল যে এতিয়ালৈকে চাৰিজন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে।

কুল্লুৰ মালানা প্ৰকল্প আৰু দ্বিতীয় তহচিল ভুণ্টাৰৰ এটা অট্টালিকাও মেঘৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত হৈছে। ঘটনাটোৰ সময়ত প্ৰায় ২৫ ৰ পৰা ৩০ জন কৰ্মচাৰী ভৱনটোত আবদ্ধ হৈ আছিল আৰু সম্প্ৰতি তেওঁলোকক উদ্ধাৰ কৰা হৈছে।