Watch | Cleanliness campaign on the occasion of Women’s Day: নাৰী দিৱস উপলক্ষে কলিয়াবত স্বচ্ছতা অভিযান
কলিয়াবৰ: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কলিয়াবৰ সম জিলা প্ৰশাসনৰ সৌজন্যত বিশেষ স্বচ্ছতা অভিযান। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কলিয়াবৰৰ ব্যৱস্থাপনাত অনুষ্ঠিত হয় এই স্বচ্ছতা অভিযান কাৰ্যসূচী।
হাতত ঝাড়ু লৈ জখলাবন্ধাত স্থানীয় পুৰুষ মহিলা সকলৰ লগত সংগ দিলে সম জিলা আয়ুক্ত লিজা তালুকদাৰে।মধ্য অসমৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ স্বৰূপ জখলাবন্ধা চহৰৰ মাজেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰ পৰ্য্যটক সকলৰ লগতে উজনি অসম, উত্তৰ অসমলৈ বিভিন্ন জন লোকে যাতায়ত কৰে।সেয়েহে চহৰ খনৰ পৰিষ্কাৰ পৰিচন্নতাৰ বাবে স্থানীয় ৰাইজক সহযোগ কৰিবলৈ আহ্বান আয়ুক্ত লিজা তালুকদাৰৰ।