Local, Vocal, Global

Class VII student goes missing in Dhemaji:পথাৰলৈ গৰু আনিব গৈ নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ

ধেমাজি,৬ফেব্ৰুৱাৰী : ধেমাজিত নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ ।

ধেমাজিৰ পাচআলি ৩নং শান্তিপুৰ বালিচুৰিৰ নিবাসী শ্ৰী গোপি সিংহ আৰু ৰাজমণি সিংহৰ পুত্ৰ শ্ৰী ৰবি সিংহ যোৱা ২৯ জানুৱাৰী পৰা নিৰুদ্দেশ হৈ আছে।

উল্লেখযোগ্য যে সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰবি সিংহই বিদ্যালয় চুটি পিছত পৰা ঘৰলৈ আহি বিয়লি ৪ বজাত পথাৰলৈ গৰু আনিব গৈ নিৰুদ্দেশ হয় ছাত্ৰ জন(Class VII student goes missing in Dhemaji) ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকে আৰক্ষীক জনাই যদিও কোনো ধৰণৰ তথ্য পাবলৈ সক্ষম হোৱা নাই পৰিয়ালটো ।

কোনো লোকে যদি ছাত্ৰ জনক দেখা পাই তেন্তে 8822061620 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালে।

লগতে পঢ়ক :Tragic accident in Samaguri : নিয়ন্ত্ৰণ হেৰুৱাই বাহন সোমাল চোতালত