Local, Vocal, Global

কোকৰাঝাৰত পানীত ডুবি মৃত্যু পঞ্চম শ্ৰেণীৰ ছাত্ৰ

নিউজ ডেস্ক, ১৪ মাৰ্চঃ দেওবাৰে কোকৰাঝাৰ জিলাৰ ৮১৪ নং ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰ পানীত ডুবি মৃত্যু হয়।

উল্লেখ্য যে, বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিয়ে ছাত্ৰ ছাত্ৰী সকলক চম্পাৱতী নৈত গা ধুৱাবলৈ নিছিল । গা ধুব নগলে প্ৰধান শিক্ষক ছাৰে মাৰিব বুলি গা ধুবলৈ গৈছিল সকলো ছাত্ৰ ছাত্ৰী। তেতিয়াই নৈৰ গভীৰ পানীত পৰি মৃত্যু হৈছিল মেধাৱী ছাত্ৰজনৰ ।

বিদ্যালয় খনৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ সৃষ্টি কৰিছে ।তাৰপিছতেই সোমবাৰে বিদ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলে। ন্যায়ৰ দাবীত প্ৰধান শিক্ষক গ’ বেক ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।