Class 10 Girl Allegedly Raped In Guwahati Lodge : ল’জৰ বন্ধ কোঠাত দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ !

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: পুনৰ গুৱাহাটী মহানগৰীত লজ্জাজনক ঘটনা । ল’জৰ বন্ধ কোঠাত দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ । অভিযোগৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্যৰ ।
গুৱাহাটীৰ এটা ল’জত পাৰ্টী কৰাৰ চলেৰে মাতি নিয়াৰ পিচত সংঘটিত হ’ল এক দলবদ্ধ ধৰ্ষণৰ ঘটনা । ডাউন টাউনৰ মীনাক্ষী ল’জত সংঘটিত হয় এই ভয়ংকৰ কাণ্ডটো ।
ঘটনা অনুসৰি, বৃহস্পতিবাৰে নিশা পাৰ্টী কৰাৰ চলেৰে দুই অভিযুক্ত প্ৰিন্স কুমাৰ ৰায় আৰু গুলাম হাছান ৰাজাই ল’জটোলৈ আনিছিল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক । পাৰ্টী চলি থকাৰ মাজতে ছাত্ৰীগৰাকীৰ খোৱা খাদ্যত দুই অভিযুক্তই মনে মনে মিহলাই দিয়ে নিচাজাতীয় দ্ৰব্য(Class 10 Girl Allegedly Raped In Guwahati Lodge; 2 Arrested)।
নিচাজাতীয় দ্ৰৱ্য মিহলাই দিয়া খাদ্য খোৱাৰ পিচতে অচেতন হৈ পৰে ছাত্ৰীগৰাকী । তাৰ পিছতে দুই অভিযুক্তই দলবদ্ধ ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক । পাছত ছাত্ৰীগৰাকীক এই কথা কাকো নক’বলৈ ভাবুকি প্ৰদান কৰে অভিযুক্ত দুটাই । প্ৰথম অৱস্থাত যদিও ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আৰক্ষীৰ ওচৰ চপা নাছিল পিচত শুকুৰবাৰে সন্ধিয়াৰ ভাগত ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা দিছপুৰ আৰক্ষীক অৱগত কৰে ।
ইয়াৰ পিচত দুই অভিযুক্ত প্ৰিন্স কুমাৰ ৰায় আৰু গুলাম হাছান ৰাজাক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে । আনহাতে, ভুক্তভোগী ছাত্ৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ভুক্তভোগীক ।
এই ঘটনাৰ পিচতে বিতৰ্কত সোমাই পৰিছে মীনাক্ষী ল’জ । কিয়নো কোনো ধৰণৰ পৰিচয় নোলোৱাকৈয়ে দুজন যুৱক আৰু ছাত্ৰীগৰাকীক থাকিবলৈ দিছিল মীনাক্ষী ল’জ কৰ্তৃপক্ষই । দুই যুৱকৰ সৈতে ১৭ বছৰীয়া এগৰাকী ছাত্ৰীক একেলগে থাকিবলৈ কেনেকৈ অনুমতি দিলে ল’জেটোৱে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে(Class 10 Girl Allegedly Raped In Guwahati Lodge)।