Civil War in Manipur: পুনৰ মণিপুৰত ৰক্তাক্ত পৰিৱেশ; দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে মহিলাসহ 9 গৰাকী লোকক

নেশ্যনেল ডেস্ক, ১৪ জুন : অশান্তজৰ্জৰ মণিপুৰ ৷ বৰ্তমানেও ৰাজ্যখনলৈ ঘূৰি অহা নাই শান্তি (Civil War in Manipur) । ৰাজ্য চৰকাৰে স্পৰ্শকাতৰ এলেকাসমূহত স্থানীয় আৰক্ষীৰ লগতে চি আৰ পি এফ,, মণিপুৰ ৰাইফলছ, আই আৰ বি আৰু ভি ডি এফকে ধৰি বহুসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰি পৰিস্থিত নিয়ন্ত্ৰণৰ বাবে চলাই গৈছে প্ৰচেষ্টা ।
ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবৰ বাবে নিৰাপত্তাৰক্ষীয়ে চলাই যোৱা প্ৰচেষ্টাৰ মাজতে পুনৰ এবাৰ ৰক্তাক্ত হ’ল মণিপুৰৰ ভূমি (Land of Manipur became bloody) ৷ প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰৰ নিশা মণিপুৰৰ এটা গীৰ্জাঘৰত দুৰ্বৃত্তৰ দলে কৰিলে ধাৰাষাৰ গুলীবৰ্ষণ । দুৰ্বৃত্তৰ দলটোৱে কৰা এই গুলীবৰ্ষণত মহিলাকে ধৰি 9 গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি এই গুলীচালনাত 15 গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে Firing in Manipur) ।
চৰকাৰী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, মঙলবাৰৰ নিশা পূৱ ইম্ফলৰ খামেনলকৰ এটা গীৰ্জাত দুৰ্বৃত্তই সংঘটিত কৰে এই গুলীচালনা । কূটাঘাত সংঘটিত হোৱা গীৰ্জা ঘৰটোত আছিল 25 গৰাকীতকৈ অধিক লোক । আহত লোকসকলক ইম্ফলৰ ৰাজ মেডিচিটি হাস্পতালত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
ইফালে গুলীচালনাৰ এই ঘটনাটোত কুকি উগ্ৰপন্থীৰ সদস্য জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে (Nine killed in fresh violence in Manipur) ।
উল্লেখ্য যে, বিগত ১২ জুনত পূৱ ইম্ফল জিলাৰ সাগোলমাং থানাৰ অন্তৰ্গত নংছুম গাঁৱত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সদস্য আৰু গাঁও স্বেচ্ছাসেৱকৰ মাজত সংঘটিত হৈছিল গুলীয়াগুলীৰ এক ঘটনা ৷ সেইদিনা পুৱা প্ৰায় 10 মান বজাত গাঁওখনলৈ উদ্দেশ্যি প্ৰথমে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰে বুলি স্থানীয় সূত্ৰত প্ৰকাশ পাইছিল ।
কুকি উগ্ৰপন্থীৰ সদস্য আৰু গাঁও স্বেচ্ছাসেৱকৰ মাজত সংঘটিত এই গুলীয়াগুলীত স্থানীয় 9 জন লোক আহত হৈছিল । পৰৱৰ্তী সময়ত ইয়াৰে এজন লোকৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱাটো মাহত ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে চাৰিদিনীয়া ভ্ৰমণসচীৰে মণিপুৰ ভৰ্মণ কৰিছিল আৰু ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে বিভিন্ন সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল (Union minister Amit Shah Manipur visit) ।
এই ভ্ৰমণৰ অন্তিম দিনটোত অমিত শ্বাহে সমাজৰ সকলো সম্প্ৰদায় আৰু শ্ৰেণীক শান্তি বৰ্তাই ৰখাৰ লগতে আলোচনা আৰু সমন্বয়ৰ প্ৰসাৰৰ লগতে আৰক্ষীৰ ওচৰত তেওঁলোকৰ অস্ত্ৰ সমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল (Amit Shah on Manipur violence) । শ্বাহে সতৰ্ক কৰি দিছিল যে আৰক্ষীৰ দ্বাৰা কোম্বিং অপাৰেচনৰ সময়ত অস্ত্ৰ-শস্ত্ৰ ৰখা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণ কৰা হ’ব । লগতে উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈও তেখেতে জনসাধাৰণক আহ্বান জনাইছিল ।
লগতে পঢ়ক : Boat Capsized : বিবাহৰ পৰা উভতাৰ পথতে বাগৰি পৰিল নাও, নিহত শতাধিক লোক