Local, Vocal, Global

WATCH | City Bus : চোৰৰ গেঙে কেনেদৰে ত্ৰাসৰ সৃষ্টি কৰে চিটি বাছত জানেনে ?

নিউজ ডেস্ক,১৮মে’ : এইখন এখন চিটি বাছ। বাছখন চলিত অৱস্থাতে আছে। বাছখনত যাত্ৰীৰ সংখ্যা একেবাৰে সীমিত। তাৰ পাছতো চোৰৰ গেঙে বাছত জানি বুজি একপ্ৰকাৰ এক ঠেলা হেঁচাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়া এই ভিডিঅ’ টো অলপ সময় ভালদৰে মন কৰক। আমি ৰাউণ্ড কৰি দিয়া মানুহ কেইটাৰ ওপৰত ভালকৈ নজৰ দিয়ক। প্ৰথমে চকুৰ ইছাৰাত ইজনে আনজনে মিলি ঠেলা হেঁচাৰ সৃষ্টি কৰে(City Bus)।

এইবাৰ এই যুৱকজনক মন কৰক। ঠেলা হেঁচাৰ মাজতেই পকেটৰ পৰা মবাইল ফোনটো ওলিয়াই পিছফালে থকা এই ভদ্ৰ লোক জনক পাছ কৰে কৰি দিয়ে। এইবাৰ কলা ৰঙৰ এই চাৰ্ট পিন্ধা ব্যক্তি জনক মন কৰক। মবাইল চুৰি হোৱাৰ লগে লগেই চিটত বহি কেনেদৰে মবাইল ফোন পেন্টৰ তলত ভৰাই দিলে চাওক। মবাইল মালিকজনৰ যদিও সন্দেহ হয় কিন্তু ধৰিব নোৱাৰিলে চোৰ কেইটাক। এইবাৰ ভিডিঅ’ টো সম্পৰ্ণ চাওক…

ঘটনাটো কৰ হয় এতিয়াও জানিব পৰা হোৱা নাই যদিও এইটো ভিডিও সামাজিক মাধ্যমত তোলপাৰ লগাইছে। আপুনিও চিটি বাছত উঠাৰ পূৰ্বে এই ভিডিও ভালদৰে মন কৰক। চিটি বাছত উঠিলেই সাৱধানে থাকিব নহলে next target আপুনিও হ’ব পাৰে।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : বিশ্বই জানিব পাকিস্তানৰ মিথ্যাচাৰ!