Local, Vocal, Global

CITU protest in Chirang : আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত চিটু শ্ৰমিকৰ বিক্ষোভ কাৰ্যসূচী

নিউজ ডেস্ক,১০জুলাই : আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত চিটুৱে শ্ৰমিকৰ বিক্ষোভ কাৰ্যসূচী । অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা,অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ, শ্ৰম ক’ড বাতিল,আঁচনিভুক্ত কৰ্মী সকলক মাননীৰ পৰিৱৰ্তে মজুৰি দিয়াকে আদি কৰি দহ দফীয়া দাবীৰ সমৰ্থনত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চিটুৰ চিৰাং জিলা সমিতিয়ে । শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই বিক্ষোভৰ অন্তত দহ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে(CITU protest in Chirang) ।

চিৰাং জিলা চিটুৰ সম্পাদক দিলিপ কুমাৰ ৰায়ে এই সন্দৰ্ভত কয় যে দেশৰ সকলো জনগণে বয়-বস্তুৰ দামবৃদ্ধিৰ পৰিৱেশত অতিষ্ঠ হৈ পৰিছে । শাসক গোষ্ঠীয়ে জনগণৰ অতিষ্ঠ অৱস্থাক সম্পূর্ণ আওকাণ কৰি বৃহৎ কৰ্প’ৰেট গোষ্ঠীক বজাৰ নিয়ন্ত্ৰণৰ সকলো সুবিধা প্রদান কৰি আছে ।

উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ইলেক্টৰেল বণ্ডত প্ৰকাশিত তথ্যই প্রমাণ কৰিছে যে দ্রব্যমূল্য বৃদ্ধিৰ সকলো সুযোগ প্রদান কৰি শাসক দল বিজেপিয়ে ৮০০ কোটিতকৈ অধিক টকা কেৱল ঔষধ কোম্পানীৰ পৰা সংগ্ৰহ কৰিছিল । ইয়াৰ বিপৰীতে ঔষধ কোম্পানীবোৰে জীৱনদায়িনী ঔষধৰ দাম কোনো কোনো ক্ষেত্রত এতিয়া ৪ গুণ পর্যন্ত বৃদ্ধি কৰিছে ।

ইফালে চিৰাং জিলা চিটুৰ সম্পাদক দিলীপ কুমাৰ ৰায়ে পুনৰ কয় যে চৰকাৰী আঁচনি ৰূপায়ণৰ ২ লাখ ৭৩ হাজাৰ তৃণমূল কৰ্মচাৰী-অংগনৱাড়ী কর্মী-সহায়িকা, আশাকর্মী আৰু বন্ধন কৰ্মচাৰীয়ে কোনো মজুৰি নাপায় ।
দৈনিক ১০০ আৰু ১৫০ টকা হাৰে মাননিৰ ধন লৈ কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে মহিলা কৰ্মচাৰীক । ঠিকা শ্রমিক আৰু স্থায়ী শ্রমিকৰ বাবে সমান কামৰ সমান মজুৰি নীতি অসমতো প্রযোজ্য হোৱা নাই ।

ফলত সমান পৰিশ্ৰম কৰিও অসমৰ ২৩ লাখতকৈ অধিক ঠিকা শ্রমিক আজি উপযুক্ত মজুৰিৰ পৰা বঞ্চিত । নির্মাণ শ্রমিক,মটৰ শ্রমিকসহ অসংগঠিত খণ্ডত কাম কৰি থকা শ্ৰমিকৰ সংখ্যা প্রায় ৬০-৭০ লাখ । কৃষি শ্রমিকক ধৰিলে এই সংখ্যা ৯০ লাখ হ’ব ।

এওঁলোকৰ বাবে চৰকাৰে ই-শ্ৰমৰ সুবিধা প্রবর্তন কৰিছিল যদিও আজিলৈকে নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ বাহিৰে আন কোনো অসংগঠিত খণ্ডৰ শ্রমিকে সামজিক সুৰক্ষামূলক আঁচনিৰ সুবিধা লাভ কৰা নাই । কৰ্মচাৰী ৰাজ্য বীমা আঁচনি, ভবিষ্যনিধি আইনৰ সুবিধা আৰু বনাচ প্রাপ্তিৰ সুবিধাৰ ইত্যাদিৰ ক্ষেত্রত শ্রমিক সংগঠনৰ দাবীৰ প্রতি কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব প্রদান কৰা নাই ।

কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্রমিক সংগঠনৰ মতামতক সম্পূর্ণ আওকাণ কৰি ২৯ খন শ্রম আইনক মাত্র ৪ খন শ্রম সংহিতালৈ ৰূপান্তৰিত কৰিলে । তৃতীয়বাৰলৈ ক্ষমতাত বহি এই চৰকাৰখনে উল্লেখিত শ্রম সংহিতা প্রয়োগ কৰাৰ বাবে ইতিমধ্যে উঠিপৰি লাগিছে(CITU protest in Chirang) ।

লগতে পঢ়ক : Massive fire breaks out in Guwahati : মহানগৰীৰ হাতীগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড