Local, Vocal, Global

Kaji Nemu declared as state fruit of Assam : বিধানসভাত কাজিনেমুক লৈ বৃহৎ ঘোষণা

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি৷ সদনত ঘোষণা কৃষিমন্ত্ৰী অতুল বৰাৰ৷ অসমৰ পৰম্পৰা,সাংস্কৃতি, ঐতিহ্যৰ বাহক কাজিনেমু ।কাজি নেমুত থকা বৈশিষ্ট্যততাৰ বাবেই স্বীকৃতি(‘Citrus Limon’ declared as state fruit of Assam, announces Agriculture Minister Atul Bora) ।

সদনত কাজি নেমুৰ গুণাগুণ সম্পৰ্কত কোৱা হয় যে কাজি নেমুৰ বহুত ঔষধি গুণ আছে। কৃষি মন্ত্ৰীগৰাকীয়ে অসমৰ ১৫.৯০ হেক্টৰ ভূমিত কাজি নেমুৰ খেতি হৈ থকা বুলি উল্লেখ কৰে। ৰাজ্যত নেমু উৎপাদনত ২৭ লাখ কৃষক জড়িত হৈ আছে। তেওঁ কয় যে, এবছৰত ৰাজ্যত ১.৫৮ লাখ মেট্ৰিক টন নেমু উৎপাদন হয়। অসমত উৎপাদিত ৭০ হাজাৰ কাজি নেমু বৰ্তমান সময়ত বিদেশলৈ পঠিওৱা হৈছে। ডুবাই, লণ্ডন, আবুধাবী, কাটাৰলৈ কাজি নেমু ৰপ্তানী কৰা হৈছে(Assam Lemon Officially Declared State Fruit By Agriculture Minister Atul Bora)।

লগতে পঢ়ক : Traffic restrictions imposed for Vice President’s visit to Guwahati : দেশৰ উপ-ৰাষ্ট্ৰপতিৰ গুৱাহাটী ভ্রমণক কেন্দ্ৰ কৰি যান-বাহন চলাচলৰ ক্ষেত্রত সালসলনি