Golaghat Triple Murder : গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাই জোঁকাৰিছে ৰাজ্য,হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব CID ক প্ৰদান

গোলাঘাট, ২৫জুলাই : গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । এটা নহয়, দুটাই নহয় তিনিটাকৈ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই প্ৰতিজন লোকৰ মন মগজু জোকাৰি গৈছিল ।
প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে এই লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব CID ক প্ৰদান কৰা হৈছে । লগতে CID ৰ এটা তদন্তকাৰী দল গুৱাহাটীৰ পৰা গোলাঘাটত উপস্থিত হৈছে ( CID will investigate tripple murder case of golaghat)। লগতে ফৰেনচিকৰ এটা দল আৰু ডগ স্কোৱাডক লৈ ঘটনাৰ তদন্ত চলোৱা হ’ব বুলি জানিবলৈ পৰা গৈছে (Golaghat Triple Murder)।
গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডটো সংঘটিত হৈছে ৷ এই ভয়ংকৰ ঘটনাৰ সৈতে জড়িত নাজিবুৰৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে আৰু গোলাঘাট সদৰ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ।
ঘটনা অনুসৰি, সোমবাৰে গোলাঘাটত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। একেটা পৰিয়ালৰে ৩গৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। ঘৰৰ ভিতৰৰ পৰা নিথৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে তিনিওগৰাকীৰে মৃতদেহ। ঘৰৰ মজিয়াত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল তিনিটাকৈ মৃতদেহ । মৃতদেহ কেইটা ক্ৰমে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্রা ঘোষৰ আছিল বুলি চিনাক্ত কৰা হৈছিল। দিন-দুপৰতে চোকা অস্ত্রৰে তিনিওকে হত্যা কৰে দুৰ্বৃত্তই। জানিব পৰা মতে, মৃত লোককেইজন পিতৃ-মাতৃ আৰু কন্যা আছিল( CID will investigate tripple murder case )।
আৰক্ষী আধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, সঞ্জীৱ ঘোষ আৰু জুনু ঘোষৰ কন্যা সংঘমিত্ৰা ঘোষৰ আত্মসৰ্মপণকাৰী নাজিবুৰৰ সৈতে আছিল প্ৰেমজনিত সম্পৰ্ক ৷ ইয়াৰ পিচতেই দুয়ো ঘৰৰ পৰা ২০২০ বৰ্ষত পলাই গৈছিল আৰু দুয়োকে আৰক্ষীয়ে পশ্চিমবংগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ পৰিয়ালৰ লোকে উক্ত ঘটনাৰ বাবে প্ৰেমিক নাজিবুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও কন্যা সংঘামিত্ৰাই নিজ ইচ্ছামতে তথা দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ কথা আৰক্ষীৰ আগত অৱগত কৰিছিল( three members of the same family were stabbed to death) ৷
পৰৱৰ্তী সময়ত দুয়োৰে মাজত দেকা দিছিল পাৰিবাৰিক কন্দল । যাৰ বাবে সংঘামিত্ৰা আৰু নাজিবুৰৰ মাজত গাৰ্হস্থ্য হিংসাই দেখা দিয়াত সংঘমিত্ৰাই তেওঁলোকৰ নমহীয়া সন্তানটিক লৈ পিতৃগৃহত থাকিবলৈ লয় । এনেবোৰ কাৰণতেই নাজিবুৰে এনে কাণ্ড সংঘটিত কৰিলে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনা সংঘটিত কৰিয়েই নাজিবুৰে নমহীয়া সন্তানটিক লগত লৈ যায় আৰু সোমবাৰৰ সন্ধিয়া গোলাঘাট সদৰ থানাত আত্মসমৰ্পণ কৰে ।
এই ভয়ংকৰ ঘটনাক লৈ সমগ্র গোলাঘাটত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : Cattle thief beaten to death : মৰিগাঁৱত গণপ্ৰহাৰত মৃত্যু ছাদ্দাম হুছেইনৰ