Local, Vocal, Global

Chutia students union stage protest : জনজাতিকৰণৰ দাবীৰে চুতীয়া ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট

নিউজ ডেস্ক,২০ ছেপ্টেম্বৰ : কঁকালত টঙালি বান্ধিছে চুতীয়া ছাত্র সন্থাই । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি নিদিলে ইয়াৰ ফল ভুগিবলৈ বিজেপি সাজু থাকক বুলি চৰকাৰক সকীয়নি প্ৰদানেৰে শুকুৰবাৰে লখিমপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চুতীয়া ছাত্র সন্থাই ।

চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বৰ অভিযোগ,”পূৰ্বাঞ্চলৰ আদিম ভূমিপুত্র চুতীয়া জনগোষ্ঠীৰ ৰাইজ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ দিনতো পিছপৰি ৰৈছে । বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত সর্বোচ্চ ত্যাগ কৰা চুতীয়াসকল স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত অৱহেলিত হৈ ৰোৱাটো দুর্ভাগ্যজনক । জনগোষ্ঠীটোৰ সর্বাঙ্গীণ উন্নয়নৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীর্ঘদিন ধৰি দাবী জনাই অহাৰ পাছতো চৰকাৰে আজিলৈকে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল ।”

ধৰ্মঘটস্থলীৰ পৰা চুতীয়া ছাত্ৰ সন্থাই লগতে অভিযোগ কৰে যে, “কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে । ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্র আৰু ৰাজ্যত বিজেপি ক্ষমতালৈ আহিলে চুতীয়াকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল । পিচে কেন্দ্রত তিনিবাৰ আৰু ৰাজ্যত দুবাৰ বিজেপি চৰকাৰ ক্ষমতালৈ আহিল যদিও সেই প্ৰতিশ্ৰুতি পাহৰি গ’ল ।”

লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চুতীয়া ছাত্র সন্থাৰ নেতৃত্বই চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰে । শীঘ্ৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰা, স্বায়ত্তশাসন প্ৰদান কৰা আৰু চুতীয়া ৰজাৰ শাসনকালৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দর্যবৰ্ধনৰ দাবীত লখিমপুৰ জিলা চুতীয়া ছাত্র সন্থাই এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে(Chutia students union stage protest)।

কাৰ্যসূচীত অংশগ্রহণ কৰি চুতীয়া ছাত্র সন্থাৰ বলিন চুতীয়া, ৰাজু চুতীয়া আদি নেতাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁলোকৰ অভিযোগ, “কেন্দ্র আৰু ৰাজ্য চৰকাৰে চুতীয়া জনগোষ্ঠীক চৰম প্ৰতাৰণা, বঞ্চনা কৰিছে । আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ইয়াৰ ফল ভুগিবলৈ বিজেপি সাজু থাকক । বিজেপিৰ বিৰুদ্ধে ৰণ হুংকাৰ দিবলৈ ইতিমধ্যে চুতীয়া ছাত্র সন্থাই কঁকালত টঙালি বান্ধিছে ।”

আনহাতে, চৰকাৰক সকীয়নি দি চুতীয়া ছাত্র সন্থাৰ কৰ্মীসকলে ধৰ্মঘটস্থলীত উই ৱাণ্ট এছ টি, ন’ এছ টি ন’ ৰেষ্ট, অসম চৰকাৰ হায় হায়, আমাক এছ টি লাগিবই আদি শ্লোগানে আকাশ-বতাহ কঁপাই তোলে । ইফালে ধৰ্মঘটৰ অন্তত চুতীয়া ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

স্মাৰকপত্ৰখনত শীঘ্রে চুতীয়া জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, চুতীয়া জনগোষ্ঠীক স্বায়ত্তশাসন প্রদান কৰা আৰু চুতীয়া ৰজাৰ শাসনকালৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায়।

লগতে পঢ়ক : Scam in Morigaon Zilla Parishad : অৱশেষত নিলম্বন হ’ল মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন গাণনিক নৱকৃষ্ণ মহন্ত