Local, Vocal, Global

Uttarakhand Chopper Crash: কেদাৰনাথত আকাশৰ পৰা নদীত সৰি পৰিল হেলিকপ্টাৰ

নিউজ ডেস্ক,৩১আগষ্ট : কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা। কেদাৰনাথ পাহাৰত বাগৰি পৰিল এখন ক্ৰিষ্টেল হেলিকপ্টাৰ ।শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনাটো(Uttarakhand Chopper Crash) ।

জানিব পৰা মতে, শনিবাৰে পুৱা কেদাৰনাথ ধামত অৱতৰণৰ সময়ত যান্ত্ৰিক বিজুতিৰ বাবে বিকল হৈ পৰিছিল এখন হেলিকপ্টাৰ। এমআই-১৭ হেলিকপ্টাৰেৰে যান্ত্ৰিক বিজুতি ঘটা সেই হেলিকপ্টাৰখন এয়াৰলিফ্ট কৰি অনা হৈছিল। চেইনেৰে বান্ধি হেলিকপ্টাৰখন এয়াৰলিফ্ট কৰি আনি থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা। মাজ আকাশতে চেইন চিঙি নদীত সৰি পৰে হেলিকপ্টাৰখন(Chopper airlifted by M-17 helicopter crashes in Rudraprayag)।

কেদাৰনাথ আৰু গৌচৰৰ মাজৰ ভীমবালিৰ সমীপৰ লিঞ্চোলিত সংঘটিত হয় এই দুৰ্ঘটনাটো। উদ্ধাৰকাৰী হেলিকপ্টাৰখনৰ পৰা চেইন চিঙি মন্দাকিনী নদীৰ সমীপত সৰি পৰে হেলিকপ্টাৰখন। মন্দাকিনীৰ পাৰত ডাঙৰ ডাঙৰ শিলত পৰাৰ ফলত টুকুৰা-টুকুৰ হৈ পৰে বেচৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত এই হেলিকপ্টাৰখন(Chopper airlifted by M-17 helicopter crashes in Rudraprayag)।

লগতে পঢ়ক : Man Elephant Conflict : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু কৃষকৰ