Chocolate Day 2025: আজি ৯ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’ৰ তৃতীয়টো দিন অৰ্থাৎ চকলেট ডে’
![](https://mynewsne.com/wp-content/uploads/2025/02/noname-109-750x430.jpg)
নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : আৰম্ভ হ’ল প্ৰেমৰ সপ্তাহ। সন্মুখত আছে ভেলেণ্টাইনছ ডে’। নিজৰ সংগীক লৈ প্লেন কৰি ৰাখিছে বহুতেই। এই সপ্তাহটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে প্ৰেমিক-প্ৰেমিকাসকলে। ফেব্ৰুৱাৰী মাহটোক প্ৰেমৰ মাহ বুলি কোৱা হয় আৰু এই মাহতে পালন কৰা হয় ভেলেণ্টাইন ডে’। ভেলেণ্টাইন ডে উদযাপনৰ আগৰ গোটেই সপ্তাহটো প্ৰেমিক-প্ৰেমিকাৰ বাবে বিশেষ । প্ৰতিদিনে এটা বিশেষ দিন পালন কৰা হয় ।
প্ৰেমৰ সপ্তাহৰ আজি তৃতীয়টো দিন (Valentines day)। আজি ৯ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’ৰ তৃতীয়টো দিন অৰ্থাৎ চকলেট ডে’। ভেলেণ্টাইন উইকৰ তৃতীয় দিনটো ৯ ফেব্ৰুৱাৰীত চকলেট ডে’ হিচাপে পালন কৰা হয় । এই দিনটোত প্ৰেমিকক মৰমেৰে চকলেট বা যিকোনো চকলেট বাকচ এটা দি প্ৰেমক আগুৱাই নিয়াৰ চেষ্টা কৰক । চকলেট ভাগ-বতৰা কৰাৰ পৰম্পৰাক সম্পৰ্কক শক্তিশালী কৰাৰ এক উপায় বুলি গণ্য কৰা হয়(chocolate day)।
চকলেটে সম্পৰ্কত মধুৰতা যোগ কৰাৰ কাম কৰে ৷ যদিও চকলেট মিঠা খাদ্য হিচাপে বিখ্যাত, তথাপিও ইয়াক প্ৰেম প্ৰকাশৰ মাধ্যম হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ বাবে চকলেটৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায় ৷ গোটেই দিনটো চকলেটৰ বাবে উৎসৰ্গা কৰা হৈছে(Happy Chocolate Day 2025: ) ৷
প্ৰেম জীৱনৰ বাবে চকলেট অতি উপকাৰী ৷ এই কাৰণেই এটা সম্পূৰ্ণ দিন চকলেট ডে হিচাপে পালন কৰা হয় ৷ এই দিনটো বিশেষভাৱে উদযাপন কৰিবলৈ আপুনি পুৱা চকলেটেৰে দিনটোৰ আৰম্ভণি কৰিব পাৰে ৷ আপোনাৰ সংগীৰ বাবে গোটেই দিনটো সুখদায়ক কৰিবলৈ ব্ৰেকফাষ্টত চকলেটেৰে এবিধ খাদ্য ৰাখক ৷ ইচ্ছা কৰিলে সংগীৰ সৈতে একেলগেও বনাব পাৰে ৷
লগতে পঢ়ক :Happy Propose Day 2025: আজি ৮ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’ৰ দ্বিতীয়টো দিন অৰ্থাৎ প্ৰপ’জ ডে’