Local, Vocal, Global

Chittaranjan Goswami a barpujias satradhikar-social activist passes away : বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ অগ্ৰণী সমাজকৰ্মী চিত্তৰঞ্জন গোস্বামীৰ দেহাৱসান

নিউজ ডেস্ক,২৫জুলাই : বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ অগ্ৰণী সমাজকৰ্মী চিত্তৰঞ্জন গোস্বামীৰ দেহাৱসান । ২৪ জুলাই সন্ধিয়া নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত গোস্বামীয়ে ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৯৫ বছৰ।

তেখেতৰ মৃত্যুত কেৱল বাৰপূজীয়া বুলি নহয়, নগাঁও – মৰিগাঁও জিলাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে বাৰপূজীয়া শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ কুমাৰ ডেকাই । প্ৰয়াত গোস্বামীয়ে শিক্ষকতা বৃত্তিৰে প্ৰতিষ্ঠিত যদিও একেধাৰে নাট্যকাৰ, অভিনেতা, কবি – সাহিত্যিক, আৰু আঁহতগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল(Chittaranjan Goswami a barpujias satradhikar-social activist passes away)।

মৃত্যুৰ সময়ত তেখেতে চাৰি গৰাকী পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান , বোৱাৰী নাতি আদি বহুতো আত্মীয়ক এৰি থৈ যায়।

লগতে পঢ়ক : Pune Rains : প্ৰৱল বৃষ্টিপাত;ব্যাহত সাধাৰণ জনজীৱন