Chirang Gang Rape case : চিৰাঙত ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ
নিউজ ডেস্ক,৪ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ লম্পদৰ। ধৰ্ষণকাৰীয়ে সামাজিক মাধ্যমত ভাইৰেল কৰিলে ধৰ্ষণৰ ভিডিঅ’।
এই জঘন্য ঘটনাটো সংঘটিত হৈছে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা(Chirang Gang Rape case)।
আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়া অনুসৰি, নাবালিকাগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল বিগত আগষ্ট মাহত। সম্প্ৰতি উক্ত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ভিডিও সামাজিক মাধ্যমত ভাইৰাল হোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ।
ৰুণীখাতাৰ ১৬ বছৰীয়া কিশোৰী গৰাকীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাত দুজন নাবালক সহ মুঠ ছজন যুৱক জড়িত আছে। ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত উক্ত ভাইৰেল ভিডিঅৰ আঁত ধৰি ৰুণীখাতা থানাৰ আৰক্ষীয়ে ইতিমধ্যেই পাঁচ ধৰ্ষণকাৰীক মঙলবাৰে আটক কৰিছে আৰু এজন অভিযুক্ত পলাতক হৈ আছে। ভাৰতীয় ন্যায় সংহিতাৰ ৭০(২) প’কছ ধাৰাত ৰুণীখাতাৰ আৰক্ষী থানাত ২৩/২০২৪ গোচৰ পঞ্জীয়ন কৰা হৈছে(Chirang Gang Rape case)।