Chinese LPG cylinder recovered in Jonai : জোনাইত বিৰল আকৃতিৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী উদ্ধাৰ

নিউজ ডেস্ক,৯জুলাই : জোনাইত বিৰল আকৃতিৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী উদ্ধাৰ। বেৰাচাপৰিত চিয়াং নদীৰ বুকুৰ পৰা উদ্ধাৰ দুটা চিলিণ্ডাৰ।
স্থানীয় লোকৰ সন্দহ অনুসৰি, এই সামগ্ৰীবিধ হৈছে চীন দেশত নিৰ্মিত এটা গেছ চিলিণ্ডাৰ ৷
ঘটনা বিৱৰণি অনুসৰি, কিছুদিন পূৰ্বে জোনাইৰ মহকুমাৰ বেৰাচাপৰিত চিয়াং নদীৰ বক্ষত মাছ মাৰি আছিল কেবাজনো মাছমৰীয়াই ৷ মাছ মাৰি থকা অৱস্থাতে মাছমৰীয়াসকলে চিয়াং নদীত এটা অদ্ভূত এটা সামগ্ৰী উটি অহা প্ৰত্যক্ষ কৰে(Chinese LPG cylinder recovered in Jonai) ৷
প্ৰথমতে বাঢ়নী পানীত উটি অহা এই সামগ্ৰীবিধ কাঠৰ কুণ্ডা বুলি সন্দেহ কৰিছিল ৷ সেয়ে লগে লগে মাছমৰীয়া কেইজনে সামগ্ৰীবিধ নৈ পৰা পাৰলৈ তুলি আনে ৷ তেতিয়াহে মাছমৰীয়া কেইজনে প্ৰত্যক্ষ কৰে যে কাঠৰ কুণ্ডা বুলি সন্দেহ কৰা সামগ্ৰীবিধ প্ৰকৃততে এটা চিলিণ্ডাৰহে ৷ যাৰ উচ্চতা প্ৰায় ৪ ফুট ৷
উদ্ধাৰ হোৱা চিলিণ্ডাৰটোত মাণ্ডাৰিন আৰু ইংৰাজী ভাষাত কিছু অস্পষ্টকৈ তথ্য লিখা আছে ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে চিলিণ্ডাৰটো চীনৰ পৰা চিয়াং নদীৰে আহি অসম পাইছেহি ৷ এই ৰহস্যময় চিলিণ্ডাৰটোক লৈ জোনাইৰ বেৰাচাপৰিবাসী চিন্তিত হৈ পৰিছে(Chinese LPG cylinder recovered in Jonai) ৷
লগত পঢ়ক : Weapon seized from Manipur : মণিপুৰত জব্দ তিনিটা AK47 ৰাইফলসহ বুজন পৰিমাণৰ সা-সামগ্ৰী