Local, Vocal, Global

Chile forest fire death toll rises to 122 : বনজুইৰ বিধ্বংসী ৰূপ;মৃতকৰ সংখ্যা ১২২গৰাকীলৈ বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী : বনজুইৰ বিধ্বংসী ৰূপ । বনজুইৰ কৱলত দক্ষিণ আমেৰিকাৰ পশ্চিম প্ৰান্তৰ চিলি । চিলিত বনজুইৰ বিধ্বংসী ৰূপে প্ৰাণ কাঢ়িলে ১২২ গৰাকীকৈ লোকৰ (Chile forest fire death toll rises to 122)।

স্থানীয় তথ্য অনুসৰি বনজুইৰ ফলত এতিয়াও শ শ লোক সন্ধানহীন হৈ আছে । অগ্নি নিৰ্বাপক বাহিনী আৰু স্বেচ্ছাসেৱকসকলে নিৰন্তৰভাৱে উদ্ধাৰ অভিযান চলাই আছে ।

চিলিৰ ফৰেনচিক চিকিৎসা সেৱাৰ সঞ্চালক মাৰিচোল প্ৰাডোৱে কোৱা অনুসৰি সোমবাৰে আবেলিলৈ মৃতকৰ সংখ্যা ১০ জন আছিল । তাৰ পিছতে বনজুইৰ ফলত মৃতকৰ সংখ্যা ১২২ গৰাকীলৈ বৃদ্ধি হয়(Chile firefighters pull bodies from rubble as blaze death toll hits 122) ।

প্ৰাডোৱে কোৱা মতে বহু মৃতদেহৰ অৱস্থা অতি সংকটজনক আছিল । অৱশ্যে ফৰেনচিক কৰ্মীসকলে নিৰুদ্দেশ আত্মীয়ৰ খবৰ দিয়া লোকসকলৰ পৰা আনুবংশিক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিব বুলি তেওঁ উল্লেখ কৰিছে ।

ইফালে ঘটনা সন্দৰ্ভত বিনা ডেল মাৰৰ মেয়ৰ মাকাৰেনা ৰিপামণ্টিয়ে কয় যে প্ৰায় ৩ লাখ লোকে বাস কৰে চহৰখনত প্ৰায় ৩৭০ গৰাকী লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।

বিষয়াসকলে জনোৱা মতে চহৰখনৰ চাৰিওফালে বনজুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰফলত অগ্নি নিৰ্বাপণত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ।অঞ্চলজুৰি বনজুয়ে দ্ৰুতগতিৰে বিয়পিছে ।

জানিব পৰা মতে প্ৰভাৱিত অঞ্চলৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । কিন্তু এতিয়াও বহু লোক আৱদ্ধ হৈ আছে । ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিকে দেওবাৰে জনোৱা মতে অঞ্চলটোত কমেও ৩,০০০ টা ঘৰ জ্বলি গৈছে(Chile Wildfires Kill 122 as Scientists Blame El Niño) ।

লগতে পঢ়ক : 612 gms of heroin seized in Karinganj during anti-narcotics operations : কৰিমগঞ্জত জব্দ ৬১২ গ্ৰাম হেৰ’ইন