Local, Vocal, Global

Children’s Day 2023: আজি ১৪ নৱেম্বৰ ; দেশৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন

নিউজ ডেস্ক, ১৪নৱেম্বৰ : আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। শিশুৱেই হ’ল মানৱ জীৱনৰ আটাইতকৈ সংবেদনশীল অংশ। যি চিৰ সুন্দৰ। শিশুৰ মন অভিজ্ঞতাৰ আঘাতে নোকোবোৱা এধানি কলিৰ দৰে। আজি শিশু দিৱস। শিশুসকলৰ বাবে এক উল্লেখযোগ্য দিন। এই দিনটো শিশুসকলৰ বাবে উৎসৰ্গিত। এই শিশু সকলক সঠিক আৰু নিৰাপদ পৰিৱেশত আপদাল কৰি ভৱিষ্যতলৈ একোজন কৰ্তব্য পৰায়ণ আৰু দ্বায়িত্বশীল নাগৰিকৰূপে গঢ় দিয়াৰ দ্বায়িত্ব সমগ্ৰ সমাজ খনৰেই । সেই শিশু সকলৰ বাবেই দেশত আজি উদযাপন কৰা হ’ব এটি বিশেষ দিনৰ (Children’s Day 2023) ।

আজি ১৪ নৱেম্বৰ । দেশৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি । পণ্ডিত গৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা ।

শিশুৰ প্ৰতি স্নেহৰ বাবে বিখ্যাত সেইজনা মহান মনিষী, আমাৰ সকলোৰে পৰিচিত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেওঁলোকৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সৱলীকৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিনটো(Date, history, significance, celebration of Bal Diwas)।

শিশু সকলৰ এই বিশেষ দিনটো উপলক্ষে সমগ্ৰ ৰাজ্যতেই দেখা গৈছে বিভিন্ন আয়োজনৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী । নৃত্য-গীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ মাজৰে আজিৰ দিনটো উদযাপন কৰা হ’ব শিক্ষানুষ্ঠান সমূহত ।

প্ৰতি বছৰৰ ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। ১৪ নৱেম্বৰৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰ লাল নেহৰুৰ জন্ম হয়। শিশুসকলৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবে সকলোৱে মৰমেৰে তেওঁক নেহৰু চাচা বুলি কয়। তেখেতৰ সিশুসকলৰ প্ৰতি থকা অগাধ মৰমক শ্ৰদ্ধা জনায় প্ৰতি বছৰে তেখেতৰ জন্মদিনটো অৰ্থাৎ ১৪ নৱেম্বৰে দেশে শিশু দিৱস হিচাপে পালন কৰি আহিছে(Date, history, significance and celebrations)।

১৯৫৬ চনৰ পৰা ভাৰতবৰ্ষত ২০ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হৈছিল যদিও জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত ভাৰতীয় সংসদে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম জয়ন্তীক শিশু দিৱস হিচাপে পালন কৰাৰ এক প্ৰস্তাৱ গৃহীত কৰে। এনে কৰাৰ কাৰণ আছিল নেহৰুৱে শিশুৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অহোপুৰুষাৰ্থ ভাৱে কাম কৰিছিল। উল্লেখযোগ্য যে নেহেৰুৱেই আছিল একমাত্ৰ প্ৰধানমন্ত্ৰী যি শিশুৰ বাবে নিজৰ জীৱনৰ সৰহভাগ সময় নিয়োজিত কৰিছিল।

লগতে পঢ়ক: Fire caused by Diwali crackers : দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড