Children among 90 dead in Mozambique ferry accident : ভয়ংকৰ নাও দুৰ্ঘটনা;নিহত শিশুসহ ৯০জন
ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : এক ভয়ংকৰ নাও দুৰ্ঘটনা। নিহত শিশুসহ ৯০জন।
মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা।মোজাম্বিকৰ নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনাটো(Children among 90 dead in Mozambique ferry accident)।
জানিব পৰা মতে, লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ সময়তে নামপুলা উপকূলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। যাত্ৰীসকলৰ ভিতৰত ৯০জন নিহত হয় ।
নামপুলাৰ বিদেশ সচিব জেইমে নেটোৱে জনোৱা অনুসৰি, নাওখন অতিমাত্ৰা ভিৰ আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত অধিক হোৱা বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উদ্ধাৰ অভিযান চলাই যদিও ৫জনক হে জীৱিত অৱস্থাত কৰিবলৈ সক্ষম হয়(More than 90 killed as boat sinks off Mozambique coast) ।
বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ভয়ংকৰ ঘটনাটো কেনেকৈ আৰু কিয় সংঘটিত হ’ল ।
লগতে পঢ়ক : STF seizes narcotics worth Rs 2.5 crore during anti-drug operation: ৰঙিয়াত জব্দ ২.৫০ কোটি টকাৰ ড্ৰাগছ