Local, Vocal, Global

Child Trafficking Ring: দ্বিতীয় স্বামীয়ে বিক্ৰী কৰিলে প্ৰথম স্বামীৰ সন্তান

মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ ঘটনা।

দ্বিতীয় স্বামীয়ে বিক্ৰী কৰিলে প্ৰথম স্বামীৰ সন্তান।

ঘটনা অনুসৰি কলাইগাওঁ গেৰুৱা শান্তিপুৰৰ নিবাসী নয়ন জ্যোতি দেৱ কাশ্যপ নামৰ যুৱক এজনে প্ৰায় তিনি মাহ পুৰ্বে সামাজিক মাধ্যমত চিনাকি হৈ চাৰিটা সন্তানৰ এগৰাকী মহিলাক সন্তান সহ পলুৱাই আনি মঙলদৈৰ গেৰিমাৰীৰ এটি ভাড়াঘৰত বাস কৰি আছিল।
তাৰ কিছুদিন পিছতেই পূৰ্বৰ চাৰিটা সন্তানৰ এজনক মাতৃৰ অজ্ঞাতে বঙাইগাঁও শালমাৰৰ এহাল দম্পতীক ৩৫০০০/- হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে।
দৰং জিলাৰ শিশু সুৰক্ষা বিভাগে উক্ত ঘটনাৰ সম্ভেদ পাই মঙলদৈ আৰক্ষী থানাত খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি শিশুটিক উদ্ধাৰ কৰাৰ লগতে স্বামী নয়ন জ্যোতি কাশ্যপ, মধ্যস্ততাকাৰী আৰু বঙাইগাঁওৰ শিশু ক্ৰয় কৰা ব্যক্তি গৰাকীক আটক কৰে।
ইতিমধ্যে আটাইকেজনকে মঙলদৈ আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।