Local, Vocal, Global

Child Marriage in Karimganj : কৰিমগঞ্জৰ পাথাৰকান্দিত বাল্য বিবাহৰ ঘটনা

কৰিমগঞ্জ,২২মে ‘ : কৰিমগঞ্জৰ পাথাৰকান্দিত বাল্য বিবাহৰ ঘটনা । ঘটনা সন্দৰ্ভত ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

বাল্য বিবাহৰ বিৰুদ্ধে সৌ সিদিনা ৰাজ্য জুৰি চলিছিল আৰক্ষীৰ বৃহৎ অভিযান। মুখ্যমন্ত্ৰীয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত বাল্যবিবাহৰ দৰে সামাজিক ব্যাধি বন্ধ‌ হ’ব লাগে বুলি কঠোৰভাৱে প্ৰদান কৰিছিল সকিয়নি। কিন্তু মুখ্যমন্ত্ৰীৰ এই সকিয়নি’ক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বাল্য বিবাহৰ ঘটনা। এইবাৰ বাল্য বিবাহ কৰাবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দৰা, কাজি, আত্মীয়, তথা অতিথিসহ মোঠ আঠ গৰাকী লোক‌। পাথাৰকান্দিৰ কাবাৰিবন্দ গাঁৱত সংঘটিত হৈছে এই ঘটনা(Child Marriage in Karimganj)।

জানিব পৰা মতে অঞ্চলটোৰ জহৰুল ইছলাম’ৰ পুত্ৰৰ সমীপৰে গাঁও এখনৰ এগৰাকী নাবালিকা কিশোৰীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু বিলাল’ৰ প্ৰেমিকাৰ বয়সক অৱমাননা কৰি কাজীৰ উপস্থিতিত কবুল পঢ়ি সম্পন্ন হয় বিবাহ। এই বাল্য বিবাহৰ খবৰ লাভ কৰি বিবাহ থলীত উপস্থিত হয় পাথাৰকান্দি আৰক্ষীৰ দল।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে বিবাহপাশত আৱদ্ধ কাইনা গৰাকী আছিল নাৱালিকা। তাৰ পাছতে বিবাহস্থলীৰ পৰা দৰা বিলাল উদ্দিন, কাজী, নাৱালিকাৰ পিতৃ, দৰাৰ মোমায়েক, নাৱালিকা কইনাগাৰাকীৰ মোমায়েক, গাড়ীৰ চালকসহ মুঠ আঠ গৰাকীকৈ লোক‌’ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জেললৈ।

আটকাধীন লোককেইজন বিলাল উদ্দিন, ছাব্বিৰ উদ্দিন, দিলোয়াৰ হুছেইন, আছাব উদ্দিন, নিজাম উদ্দিন, ছাদ উদ্দিন, আলি হুছেইন আৰু মাহতাবুৰ ৰহমান। উল্লেখ্য যে, পাথাৰকান্দি আৰক্ষীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰি চমজাই দিয়ে শিশু কল্যাণ সংস্থাক।

লগতে পঢ়ক : Boat Capsized : উজানী বান্ধত যাত্ৰীবাহী নাও ডুবি শিশুসহ মৃত্যু ৫জনৰ, সন্ধানহীন ১জন