Child Marriage in Bilasipara:ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
বিলাসীপাৰা,২২ডিচেম্বৰ : ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । মুখ্যমন্ত্ৰীয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত বাল্যবিবাহৰ দৰে সামাজিক ব্যাধি বন্ধ হ’ব লাগে বুলি কঠোৰভাৱে প্ৰদান কৰিছিল সকিয়নি।
কিন্তু মুখ্যমন্ত্ৰীৰ এই সকিয়নি’ক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বাল্য বিবাহৰ ঘটনা। এইবাৰ বাল্য বিবাহ কৰাবলৈ গৈ আৰক্ষীৰ হাতত আটক ১৫ গৰাকী লোক। বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনাটো(Child Marriage in Bilasipara)।
বিলাসীপাৰাত আৰক্ষীয়ে অভিযান চলাই আটক ১৫ জনকৈ লোকক ।আটকাধীন লোককেইজন অবৈধ স্বামী সকল কাজাইকাটা,চুৱাপাতা,হাতিপোতা,মায়াৰচৰ,পষুৱাৰখাল,আন্দুৰঝাৰ আদি বিভিন্ন চৰাঞ্চলৰ পৰা আটক কৰে।আটকাধীন অবৈধ স্বামীক এবাৰ দেখাৰ বাবে বিলাসী পাৰা থানাত কান্দোনৰ ৰোল।