Local, Vocal, Global

Child Marriage: বাল্য বিবাহৰ সময়তে কইনা-দৰা আৰু অভিভাৱকক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,১৩ফেব্ৰুৱাৰী : এফালে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ আৰু অসম আৰক্ষী। আনফালে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাইছে একাংশই ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই বাল্যবিবাহ।বিবাহ সম্পন্ন কৰাৰ সময়তে কিশোৰী কইনা-দৰা আৰু দুয়োৰে পিতৃ-মাতৃক গ্ৰেপ্তাৰ(Child Marriage)।

খবৰ অনুসৰি,মঙলবাৰে নিশা জামুগুৰিহাটৰ গটাইমাৰিত গোপনে সম্পন্ন কৰি আছিল এখন বাল্যবিবাহ৷ বাল্য বিবাহ সম্পন্ন হৈ থকাৰ সময়তে ৰভাতলীত উপস্থিত হয় খাকী পোছাকধাৰী।
জামুগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বিবাহ সম্পন্ন কৰা স্থানত উপস্থিত হৈ বিবাহ পাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাৱকক গ্ৰেপ্তাৰ কৰে ৷
আজি POSCO আইনৰ অধীনত ৯/১০/১১(১) নম্বৰত গোচৰ ৰুজু কৰি জে’ল হাজেতলৈ প্ৰেৰণ কৰে৷

লগতে পঢ়ক:Sensational incident:অব্যাহত আছে যোৰহাট নগৰৰ মাজমজিয়াৰ নিৰ্মীয়মান গৃহৰ চৌহদত উদ্ধাৰ হোৱা মৃতদেহকলৈ