Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা- আগষ্টৰ পৰা অৰুণোদয়ৰ ধন ১২,৫০ টকাকৈ বৃদ্ধি পাব

নিউজ ডেস্ক, ১১ মে’- অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে অহা আগষ্টৰ পৰা প্ৰতিমাহে ১২,৫০ টকাকৈ লাভ কৰিব বুলি বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অৰুণোদয় আঁচনিৰ অধীনত সম্প্ৰতি ২০ লাখ লোক উপকৃত হৈছে। আগন্তুক সময়ত আঁচনিখনত নতুনকৈ ৬ লাখ হিতাধিকাৰী যোগ হ’ব।

ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত এই অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰে।